Covid-19অসমস্বাস্থ্য

মূখ্যমন্ত্ৰীৰ সমষ্টিত আজৱ কাণ্ড! ধাবাত দিয়া হ’ল ক’ভিড ভেকচিন

ভেকচিন লবলৈ পুৱাৰ পৰাই ধাবাত উপস্থিত অঞ্চলটোৰ ৰাইজ

মূখ্যমন্ত্ৰীৰ সমষ্টিত স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড। ৰেষ্টুৰেণ্টত তথা ধাবাতে স্বাস্থ্য বিভাগে প্ৰদান কৰিলে ক’ভিড ভেকচিন। ভেকচিন লবলৈ পুৱাৰ পৰাই ধাবাত উপস্থিত অঞ্চলটোৰ ৰাইজ।

চৰকাৰী চিকিৎসালয়, চৰকাৰী বিদ্যালয় অথবা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান নহয় এইবাৰ ক’ভিড ভেকচিন প্ৰদান কৰা হ’ল ব্যক্তিগত ধাবা তথা ৰেষ্টুৰেণ্টত।

এই ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰী গৃহ সমষ্টিতে। মুখ্যমন্ত্ৰী গৃহ সমষ্টিৰ অন্তৰ্গত কামৰূপ জিলাৰ পাকৰকোনোত আজি এখন ব্যক্তিগত হোটেল ‘ৰিয়া ৰেষ্টুৰেণ্ট এণ্ড হোটেল’ত প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন।

হাজো প্ৰাথমিক স্বাস্থ্য খণ্ডৰ তত্ববধানত থকা অঞ্চলটোৰ ৰাইজক আজি ক’ভিড ভেকচিন দিয়াৰ বাবে স্থান নিৰ্ধাৰন কৰিলে পাকৰকোনাস্থিত ৰিয়া ৰেষ্টুৰেণ্ট এণ্ড হোটেল নামৰ ব্যক্তিগত ধাবাত৷

ধাবাত ভেকচিন লোৱাৰ বাবে পুৱাৰে পৰা ধাবাখনত উপস্থিত হল অঞ্চলটোৰ ৰাইজ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ স্বাস্থ্য খণ্ডত সংঘটিত হৈছে এই ধৰণৰ আজৱ কাণ্ড।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.