অপৰাধঅসম

উজান বজাৰ হত্যাকাণ্ডৰ ফাদিল ন ন তথ্য

উজান বজাৰৰ পৰা লতাশিল থানালৈ প্ৰতিবাদ প্ৰতিবাদকাৰীৰ

উজান বজাৰ হত্যাকাণ্ডৰ ফাদিল হৈছে ন ন তথ্য। ঘটনা সন্দৰ্ভত ৩জন যুৱক ক্ৰমে আশীষ গুপ্তা, কৰণ দাস আৰু জিতুমণি শৰ্মাক আৰক্ষীয়ে আটক কৰে।

সন্দেহযুক্ত যুৱক কেইজনৰ ভিতৰত আশীষ গুপ্তা জেঠায়েকৰ পুত্ৰ। ড্ৰাগ্ছ আসক্ত আছিল আশীষ গুপ্তা। ঘটনাৰ সময়ত বেণ্ডেজ কিনিবলৈ ফাৰ্মাচীলৈ গৈছিল আশীষ।

উল্লেখ্য যে, বুধবাৰে মহানগৰীৰ খাৰঘূলিত দিম্পল কুমাৱত নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক অতি নৃশংসভাৱে হত্যা কৰি পলায়ন কৰে দুৰ্বৃত্তই। মূৰত প্ৰেচাৰ কুকাৰ আৰু পতাগুটিৰে মৰিয়াই হত্যা কৰিছিল কিশোৰী গৰাকীক।

কোনে, কিয় এই হত্যাকাণ্ড সংঘটিত কৰিছে এয়াৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হত্যাৰ তাৎক্ষণিক তদন্ত বিচাৰি অজি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। উজান বজাৰৰ পৰা লতাশিল থানালৈ প্ৰতিবাদ প্ৰতিবাদকাৰীৰ।

হত্যাকাৰীৰ ফাঁচিৰ দাবীত লতাশিল আৰক্ষীৰ জৰিয়তে লতাশিল থানাত স্মাৰক-পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.