অসমআঞ্চলিক

আজি কবিৰত্ন নীলমণি ফুকনৰ ওপজা দিন, উন্মোচন কৰা হ’ল ‘মই দেখা নীলমণি’

ওপজা দিনৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচনী কাৰ্যসূচীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আয়োজন কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতাৰ

কবিতাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি ৰখা কবিৰত্ন, কাব্য জগতৰ ঋষিতুল্য পুৰুষ নীলমণি ফুকনৰ আজি ওপজা দিন।

দেৰগাঁৱৰ সু-সন্তান, কবি নীলমণি ফুকনৰ আজি ৮৯ সংখ্যক ওপজা দিন। ওপজা দিনটোত দিনজোৰা কাৰ্যসূচীৰে সম্পূৰ্ণ ভাৱে ক’ভিড প্ৰট’কল মানি আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ।

ওপজা দিনৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচনী কাৰ্যসূচীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আয়োজন কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতাৰ। জন্মদিনৰ বাবে আয়োজন কৰা সভাত সভাপতিত্ব কৰে আজাদ পুস্তকাযলয় ঐতিহ্য স্মাৰক সমিতিৰ সভাপতি অধ্যাপক পদ্মলোচন নাথে। মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট কবি অজিত গগৈ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোঁহাঞিৰ লগতে বিশিষ্ট কবি ৰাজীৱ বৰা।

অনুষ্ঠানতে জাতীয় কবি গৰাকীৰ জীৱনৰ আধাৰত ৰচিত গ্ৰন্থ ‘মই দেখা নীলমণি’ৰ উন্মোচন কৰা হয়। গ্ৰন্থখন লিখি উলিয়াইছে নীলমণি ফুকনৰ পুত্ৰ বিশিষ্ট লেখক অমিতাভ ফুকনে। ওপজা দিনৰ অনুষ্ঠানতে যোৰহাটৰ কবি, গাৰ্গী ভূঞাৰ “বাখৰু” নামৰ এখন কবিতা পুথিও উন্মোচন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button