অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগবতৰ

ভদীয়া বানৰ কৱলত পৰা কাজিৰঙাখনৰ দুৰ্দশা

৪ টাকৈ গঁড়ৰ মৃত্যু

বানৰ কবলত পৰা কাজিৰঙাখনৰ দুৰ্দশাৰ বিষয়ে সকলোৰে জ্ঞাত। প্ৰতি বছৰে বানে বিস্তৰ ক্ষতি সাধন কৰে কাজিৰঙাৰ।

এইবাৰো ভদীয়া বানৰ কৱলত পৰি প্ৰায় ৮০ শতাংশ অঞ্চল জলমগ্ন হৈ পৰা কাজিৰঙাত মৃত্যু হৈছে বহু কেইটা বন্য প্ৰাণীৰ।

চলিব বৰ্ষত বানত পৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪ টাকৈ গঁড়ৰ মৃত্যু হৈছে। শেহতীয়া তথ্য অনুসৰি কাজিৰঙাত বানৰ ফলত মৃত্যু হোৱা গঁড়ৰ সংখ্যা অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ২ টা গঁড় পানীত ডুবি আৰু আন ২টা গঁড় স্বাভাৱিক কাৰণত মত্যু হৈছে।

চলিত বৰ্ষৰ বানত কাজিৰঙাত মৃত্যু হোৱা মুঠ বন্যজন্তুৰ সংখ্যা ২৬টা। ইয়াৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে পহু। মৃত্যু হোৱা পহুৰ সংখ্যা ১৭ টা বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.