অসমআঞ্চলিক

নিজৰ ধুনীয়া চুলিকোছা দান দি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে অংকিতাই

দৰং মহাবিদ্যালয়ত অধ্যয়নৰত অংকিতা আৰ্য্য

এগৰাকী সুন্দৰী যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ। কেন্সাৰ ৰোগীৰ সহায়ৰ বাবে যুৱতীগৰাকীয়ে দান দিলে নিজৰ চুলি।
এগৰাকী নাৰীৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰা চুলিকোছা কাটিবলৈ কুন্ঠাবোধ নকৰা যুৱতীগৰাকীৰ নাম অংকিতা আৰ্য্য।

দৰং মহাবিদ্যালয়ত অধ্যয়নৰত অংকিতা। কেন্সাৰ ৰোগীৰ বাবে অংকিতাই দান কৰিলে নিজৰ চুলিকোছা। চুলি দান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে এইগৰাকী যুৱতীয়ে।

অংকিতা আৰ্য্যই নিজৰ দীঘল চুলিকোছা মুণ্ডন কৰি দিল্লীৰ কৰ্প উইট কেন্সাৰ (Cope With Cancer) নামৰ স্বেচ্ছাসেৱী সংগঠনটোক দান কৰিছে।

বিশ্বনাথৰ এইগৰাকী যুৱতীয়ে নিজৰ চুলিকোছা দান কৰা ঘটনাই এতিয়া আকৰ্ষিত কৰি তুলিছে সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.