Socialঅসমআঞ্চলিক

বোলব’মত অঘটন! পানীত উটি গ’ল দুটি ১১ বছৰীয়া কিশোৰ

বোলবম যাত্ৰায়ে কাল হ’ল দুটি কিশোৰৰ৷ লখিমপুৰত সংঘটিত হৈছে এই ঘটনা, ৰঙানদীৰ বাঢ়নী পানীত উটি গ’ল কিশোৰ দুটি৷

বোলব’মত অঘটন! পানীত উটি গ’ল দুটি ১১ বছৰীয়া কিশোৰ

বোলবম যাত্ৰায়ে কাল হ’ল দুটি কিশোৰৰ৷ লখিমপুৰত সংঘটিত হৈছে এই ঘটনা, ৰঙানদীৰ বাঢ়নী পানীত উটি গ’ল কিশোৰ দুটি৷

শাওণ মাহৰ আৰম্ভণিৰে পৰা শিৱ ভক্তসৱে শিৱক আৰাধনা কৰি বোলবম যাত্ৰা আৰম্ভ কৰিছে। এই বোলবমৰ যাত্ৰাতে সংঘটিত হ’ল অঘটন। লখিমপুৰত বোলবম যাত্ৰালৈ গৈ বাঢ়নী পানীত উটি গ’ল দুটি ১১বছৰীয়া কিশোৰ। নদীত গা ধুই থকাৰ সময়তেই উটি যায় কিশোৰজন৷

ভাগ্যক্ৰমে এটি কিশোৰক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু আনজন কিশোৰ আচিক কুমাৰ নামৰ সপ্তম শ্ৰেনীৰ ছাত্ৰজনৰ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই৷

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিৱেশ৷ পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰময় পৰিস্থিতি৷ ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু SDRF বাহিনী৷ বৰ্তমান SDRF বাহিনীয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.