অপৰাধৰাজনৈতিক

মহিলাক নিৰ্যাতন কৰা ৰাজনীতিবিদৰ বাসগৃহত বুলড’জাৰ

ৰাজনীতিবিদ শ্ৰীকান্ত ত্যাগী আৰু এগৰাকী মহিলাৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ

মহিলাক নিৰ্যাতন কৰা ৰাজনীতিবিদৰ বাসগৃহত বুলড’জাৰ…

কিছুদিন পূৰ্বে নয়ডাৰ ছেক্টৰ-৯৩ বিৰ গ্ৰেণ্ড ওমাক্স ছ’চাইটিত ৰাজনীতিবিদ শ্ৰীকান্ত ত্যাগী আৰু এগৰাকী মহিলাৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ। সেই মহিলাগৰাকীক আক্ৰমণ আৰু অশ্লীল গালি পৰা অভিযোগ উত্থাপিত হৈছিল শ্ৰীকান্ত ত্যাগীৰ বিৰুদ্ধে৷

সেই অভিযোগৰ ভিত্তিতেই নয়ডা হাউছিং ছ’চাইটিত ৰাজনীতিবিদ শ্ৰীকান্ত ত্যাগীৰ অবৈধ বাসগৃহত বুলড’জাৰ চলাই প্ৰশাসনে৷ নয়ডা আৰক্ষীয়ে ত্যাগীৰ বিৰুদ্ধে গেংষ্টাৰ এক্ট আৰোপ কৰিছে। এগৰাকী মহিলাৰ সৈতে জড়িত ত্যাগীৰ এই কাণ্ডৰ পিছত হাউছিং ছ’চাইটিত হুলস্থুলৰ সৃষ্টি কৰা ত্যাগীৰ সমৰ্থকসকলকো আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে৷

কিছুদিন পূৰ্বে ত্যাগীয়ে গছপুলি ৰোপণ কৰিব বিচাৰিছিল ওমাক্স ছ’চাইটিত কিন্তু মহিলাগৰাকীয়ে নিয়ম উলংঘাৰ কথা উল্লেখ কৰি আপত্তি কৰে। তাৰ পিছতেই সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ৷ ছ’চিয়েল মিডিয়াতো এই কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল য’ত ত্যাগীয়ে মহিলাগৰাকীক গালি-গালাজ কৰা আৰু আক্ৰমণ কৰা পৰিলক্ষিত গৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − one =

Back to top button