অসম

বিনা বেতনে শিক্ষাদান…নাঁৱেৰে আহে অতি দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰী

মাজুলী,যোৰহাট আৰু গোলাঘাট জিলাৰ শ শ ছাত্ৰ-ছাত্ৰীৰ বাবে থকা এখন বিশেষ শিক্ষানুষ্ঠান। বিগত ১৭ টা বছৰে ৰাইজৰ প্ৰচেষ্টাত চলি আহিছে শিক্ষানুষ্ঠানখন।

মাজুলী,খুমটাই আৰু দেৰগাঁও সমষ্টিৰ মাজত থকা ব্ৰহ্মপুত্ৰ জেষ্ঠ মাধ্যমিক বিদ্যালয়লৈ আজিকোপতি নপৰিল চৰকাৰৰ সুদৃষ্টি। ২০২১ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ২০২২ বৰ্ষত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দুয়োজনে শিক্ষানুষ্ঠান খনৰ খেলপথাৰত পৃথকে সভা পাতি ঘোষণা কৰিছিল শিক্ষানুষ্ঠান খনক চৰকাৰীকৰণ কৰাৰ কথা। ইয়াৰোপৰি দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী,খুমটাইৰ বিধায়ক মৃনাল শইকীয়া আৰু মাজুলীৰ বিধায়ক ভুৱন গামেও বিশেষ উদ্যোগ লৈছিল বিদ্যালয় খনক লৈ । বিধায়ক মৃনাল শইকীয়াই  মাৰ্চ মাহত অনুষ্ঠিত হোৱা বিধানসভাৰ অধিৱেশনত বিধানসভাতো উত্থাপন কৰিছিল বিদ্যালয়খনৰ প্ৰাদেশিকীকৰণৰ বিষয় । কিন্তু সকলো যোগ্যতা থকাৰ পিছতো আজিকোপতি প্ৰাদেশিকীকৰণ হোৱা নাই শিক্ষানুষ্ঠানখন ।

বৰ্তমান শিক্ষানুষ্ঠান খনত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিনা বেতনে শিক্ষাদান কৰি আছে ৮ জন শিক্ষকে । উল্লেখ্য যে,এই শিক্ষানুষ্ঠান খনত অধ্যয়ন কৰিবলৈ নাঁৱেৰে আহে অতি দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল । দীৰ্ঘদিনে চৰকাৰৰ ঘৰলৈ অহা-যোৱা কৰি ভাগৰি পৰিছে কৰ্মকৰ্তাসকল । প্ৰথম খৱৰৰ জৰিয়তে মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰীক শিক্ষানুষ্ঠান খনৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ জনাইছে আহ্বান কৰ্মকৰ্তাসকলে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.