অপৰাধঅসমআঞ্চলিক

বিদ্যালয়ৰ ভিতৰতে হিন্দী ছাৰক লপাথপা কৰি অৰ্ধ উলংগ কৰিলে কোনে!

বিদ্যালয়ৰ ভিতৰতে হিন্দী ছাৰক লপাথপা কৰি অৰ্ধ উলংগ কৰিলে অভিভাৱকে

অংক ছাৰৰ দিন উকলিল। এইবাৰ পাল হিন্দী ছাৰৰ। বিদ্যালয়ৰ ভিতৰতে ছাৰক লপাথপা কৰি অৰ্ধ উলংগ কৰিলে অভিভাৱকে। চিৰাঙৰ বাসুগাঁওৰ ৰাজা অজিত নাৰায়ণ দেৱ ছোৱালী এম ই স্কুলত কৰ্মৰত হিন্দী ছাৰ। নাম দীপক ভকত। ঘটনাৰ বিৱৰণ অনুসৰি সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ গাত অবৈধ ভাৱে হাত দিছিল ছাৰে। যাৰ ফলত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বাসুগাঁৱত। সেয়ে বিদ্যালয়ত প্ৰৱেশ কৰি অভিভাৱক সকলে প্ৰহাৰ কৰিলে লম্পট শিক্ষক দীপক ভকতক। বাসুগাঁও আৰক্ষী থানাৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু লম্পট শিক্ষক দিপক ভকত আটক কৰি বাসুগাঁও আৰক্ষী থানাত লৈ যায়।

 

 

উল্লেখ্য যে, শিক্ষক দীপক ভকতৰ বিৰুদ্ধে পুৰ্বতেও এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.