মনোৰঞ্জন

ভাৰতীয় সেনাক অপমান কৰি বিতৰ্কত বলিউড অভিনেত্ৰী ৰিচা চাড্ডা!

ক্ষোভিত হৈ কোনোৱে ক’লে এওঁৰ মূৰত গোবৰ সোমাই আছে

চৰ্চাত বলিউড অভিনেত্ৰী ৰিচা চাড্ডা। ভাৰতীয় সেনাক অপমান কৰাক লৈ বিতৰ্কত অভিনেত্ৰী ৰিচা চাড্ডা। ভাৰতীয় সেনাক লৈ সামাজিক মাধ্যমত টুইট কৰিছিল ৰিচা চাড্ডাই। পিছে অপমানসূচক মন্তব্য কৰাক লৈ সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ৰোষত পৰিল ৰিচা চাড্ডা। ক্ষোভিত হৈ পৰিল একাংশ। মুঠতে টুইটাৰত এতিয়া #RICHA CHADHA ট্ৰেণ্ডিঙ।

Image

উত্তৰ সেনাৰ অধিনায়ক লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কৈছিল যে ভাৰতীয় সেনাই পাকিস্তানৰ কব্জাত থকা কাশ্মীৰ পুনৰ ঘূৰাই লোৱাৰ দৰে আদেশ পালন কৰিবলৈ সাজু। পিছে একেটা বক্তব্যৰ উদ্ধৃতি দি অভিনেত্ৰীগৰাকীয়ে ৰিটুইট কৰি সামাজিক মাধ্যমত লিখিছিল ‘গলৱান হাই’।

Image

এনে মন্তব্যৰ পিছতে ক্ষুব্ধ হৈ পৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল। সামাজিক মাধ্যমত একাংশই কোৱা অনুসৰি ‘গলৱান সংঘাতত আমাৰ জোৱানসকলে দেশৰ বাবে প্ৰাণ আহুতি দিছিল আৰু এইগৰাকী এইগৰাকী অভিনেত্ৰীয়ে ভাৰতীয় সেনাক হাঁহিৰে অপমান কৰিছে’। লগতে কওঁ যে, ২০২০ চনত চীন আৰু ভাৰতীয় জোৱানৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত আমাৰ ২০ জন বীৰ জোৱান শ্বহীদ হৈছিল। একে সময়তে চীনৰো কেইবাজন সৈনিক নিহত হৈছিল।’ কিন্তু ভাৰতীয় সেনাক লৈ ৰিচৈ চাড্ডাই অপমানজনক টুইট কৰাৰ পিছৰে পৰা ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল।

টুইটাৰত ট্ৰেণ্ডিংঙত থকা ৰিচা চাড্ডাক লৈ বিভিন্নজনে কৰিছে ভিন্ন মন্তব্য। কোনোৱে ক’লে-‘ভাৰতীয় সেনাৰ অপমান একেবাৰে মানি লোৱা নহ’ব।’ আন কোনোৱে ক’লে  গলৱানৰ সংঘাতৰ ওপৰত এনে নিকৃষ্ট মন্তব্য কৰাক লৈ আপুনি অনুশোচনা কৰিব, অহা মাহতে মুকলি হ’ব ‘FUKREY-3’। আকৌ অন্য এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে অভিনেত্ৰীগৰাকীৰ ব্ৰেইনক গোবৰৰ সৈতে তুলনা কৰি ক’লে ‘এওঁৰ মূৰত গোবৰ সোমাই আছে’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.