অভিনয়চিত্ৰকলাবলিউড

কাৰ্তিকৰ সৈতে এইবাৰ Aashiqui-3ত দেখা পাব চাৰা আলী খানক!

'যদি মোক চিনেমাখনৰ প্ৰস্তাৱ দিয়া হয় মই ভাল পাম'

অতি শীঘ্ৰে দৰ্শকৰ বাবে আহি আছে কাৰ্তিক আৰ্য়নৰ নতুন ছবি Aashiqui-3। ২০১৩ চনত মুক্তি পোৱা শ্ৰদ্ধা কাপুৰ আৰু আদিত্য ৰয় কাপুৰে অভিনয় কৰা Aashiqui-2 ব্লকবাষ্টাৰ হিট হোৱাৰ পিছতে দৰ্শকে অতি আগ্ৰহেৰে বাট চাই আছিল Aashiqui-3লৈ। অৱশেষত বহু প্ৰত্যাশিতৰ অন্তত অনুৰাগ বসু পৰিচালনাৰে আহি আছে Aashiqui-3। কিন্তু সকলোৰে বাবে আনন্দৰ কথাটো হ’ল যে ছবিখনত অভিনয় কৰিছে বলীউডৰ হাৰ্ডথ্ৰব কাৰ্তিক আৰ্য়নে। পিছে কাৰ্তিকৰ সৈতে সহ অভিনেত্ৰী হিচাপে মুখ্য চৰিত্ৰত কোনে কৰিব অভিনয় এই প্ৰশ্নই অনুৰাগীৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে?

Aashiqui 3 | Official Concept Trailer | Kartik Aaryan | Anurag Basu | Bhushan Kumar | Mukesh Bhatt - YouTube

আপোনালোকে জানি সুখী হ’ব যে ছবিখনত চাৰা আলী খানে ‘প্ৰাক্তন প্ৰেমিক’ কাৰ্তিক আৰ্যনৰ সৈতে সহ-অভিনয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। যদিও ছবিখনৰ বাবে বৰ্তমানলৈকে মহিলাৰ মুখ্য চৰিত্ৰটো নিশ্চিত কৰা হোৱা নাই, সূত্ৰই জনাইছে যে চলচ্চিত্ৰ নিৰ্মাতাসকলে চাৰা আলী খানৰ সৈতে এই বিষয়ে আলোচনা কৰি আছে। ইয়াৰ উপৰিও ছবিখনৰ তৃতীয় মুখ্য চৰিত্ৰৰ বাবে অন্য এগৰাকী মহিলা অভিনেত্ৰীও বিচাৰি আছে বুলি জানিব পৰা গৈছে।

Kartik Aaryan: Love is in the air: Sara Ali Khan & Kartik Aaryan reveal V-Day plans, say they'll watch 'Love Aaj Kal' - The Economic Times

কানেক্ট এফএমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাৰাই ছবিখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি কয়, “মোক এতিয়ালৈকে Aashiqui-3ৰ প্ৰস্তাৱ দিয়া হোৱা নাই কিন্তু মই ভাল পাম। যদি মোক চিনেমাখনৰ প্ৰস্তাৱ দিয়া হয়।’ উল্লেখ্য যে, Aashiqui-3ত চাৰা আৰু কাৰ্তিকে পুনৰ একেলগে কাম কৰাৰ সম্ভাৱনাই ইতিমধ্যে তেওঁলোকৰ অনুৰাগীসকলৰ মাজত এক উৎসাহৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − two =

Back to top button