leatest updateঅসমআঞ্চলিকদৈনিক বাতৰি

এখন দলঙৰ দুৰৱস্থা! আজি পৰ্যন্ত অঞ্চলটোৱে নাপালে এখন পকী দলং। 

চাৰি বাৰকৈ আধাৰশিলা স্থাপন কৰিও আজি পৰ্যন্ত সম্পূৰ্ণ নহল এখন পকী দলং।

প্ৰতি বছৰে যাতায়তৰ নামত দুৰ্ভোগ ভোগি থকা এটা অঞ্চল। পকীকৰণৰ নামত চাৰিবাৰকৈ স্থাপন কৰা হৈছিল আধাৰশিলা। চাৰি বাৰকৈ আধাৰশিলা স্থাপন কৰিও আজি পৰ্যন্ত সম্পূৰ্ণ নহল এখন পকী দলং। প্ৰতি বছৰে গাঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰি আহিছে অঞ্চবাসীয়ে। বাক্সা জিলাৰ ঘোঁৰামাৰা- তামুলপুৰ সংযোগী পথৰ দুৰৱস্থা এইয়া। কেইবাবছৰৰ পূৰ্বে প্ৰলয়ংকাৰী বানে বিচ্ছিন্ন কৰিছিল পথটো।

উল্লেখ্য যে প্ৰায় তিনি বছৰৰ পূৰ্বৰে পৰা পকী দলঙৰ নিৰ্মাণৰ কাম চলি আছে যদিও নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হোৱাত আজিও অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত ভোগী আছে চৰম দুৰ্ভোগ। শীঘ্ৰেই দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি যাতায়তৰ ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰ তথা বিভাগীয় কতৃপক্ষক দাবী জনাইছে অঞ্চলবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + sixteen =

Back to top button