Socialঅসম

স্বাধীনতা দিৱসৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছৰ ‘স্বতন্ত্ৰতা যাত্ৰা’

প্ৰদেশ কংগ্ৰেছৰ এই স্বতন্ত্ৰতা যাত্ৰাত অংশ লয় কংগ্ৰেছৰ নেতা-পালিনেতাৰ লগতে সদস্যসকলে

স্বাধীনতা দিৱস উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছে উলিয়ায় এক বিশেষ শোভাযাত্ৰা। দেশৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদক স্মৰণ কৰি কংগ্ৰেছৰ সদস্যসকলে উলিয়ায় এই শোভাযাত্ৰা।

কমিটিৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভূপেন বৰাই ত্ৰিৰংগা পতাকা উত্তোলন কৰে। পৰৱৰ্তী সময়ত স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা বীৰ তথা মুক্তিযুঁজাৰু সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে সভাপতিগৰাকীয়ে। ইয়াৰ পিচতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা গঠিত ৭৫ তম্ স্বাধীনতা বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত “স্বতন্ত্ৰতা যাত্ৰা” নামেৰে এক শোভাযাত্ৰা উলিওৱা হয়।

উদযাপন সমিতিৰ অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী শ্ৰীশৰৎ বৰকটকী ডাঙৰীয়াৰ নেতৃত্বত এটি প্ৰতিনিধিদলে ৰূপনগৰ মুক্তি যুঁজাৰু ভৱনলৈ গৈ মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰে।

প্ৰদেশ কংগ্ৰেছৰ এই স্বতন্ত্ৰতা যাত্ৰাত অংশ লয় কংগ্ৰেছৰ নেতা-পালিনেতাৰ লগতে দলৰ সদস্যসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.