অপৰাধঅসম

উত্তপ্ত মেঘালয়- শ্বিলং! অসমৰ লোকক শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান অসম আৰক্ষীৰ

মুখমন্ত্ৰী কনৰাড ছাংমালৈ পদত্যাগ পত্ৰ প্ৰেৰণ গৃহমন্ত্ৰী লাখমেন ৰিম্বুইৰ

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত উত্তপ্ত পৰিস্থিতি। মেঘালয়ৰ উগ্ৰপন্থী সংগঠন HNLCৰ প্ৰাক্তন নেতা চেষ্টাৰফিল্ড থাংখিউৰ হত্যাৰ বিৰুদ্ধেই শ্বিলঙত সাব্যস্ত হৈছে হিংসাত্মক প্ৰতিবাদ।

শুকুৰবাৰে পুৱতী নিশা মেঘালয় আৰক্ষীৰ গুলীত নিহত হৈছিল প্ৰাক্তন HNLC নেতা চেষ্টাৰফিল্ড থাংখিউ। তাৰ পিছতে মাওলাই এলেকাত উন্মাদ লোকে এখন আৰক্ষীৰ বাহনলৈ প্ৰথমে শিলাবৰ্ষণ কৰে তাৰ পিছত পথত ৰখাই থোৱা এখন চৰকাৰী বাহন জ্বলাই দিয়ে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত চাৰিখন জিলাত  ইন্টাৰনেট সেৱা বন্ধ ৰখাৰ লগতে আজি সন্ধিয়া ৮ বজাৰ পৰা দিয়া হৈছে সান্ধ্য আইন।

ইয়াৰ মাজতে মুখমন্ত্ৰী কনৰাড ছাংমালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে গৃহমন্ত্ৰী লাখমেন ৰিম্বুইয়ে।

উল্লেখ্য যে, HNLC নেতা গৰাকী কিছুদিন পূৰ্বে আত্মসমৰ্পন কৰা বুলি ঘোষণা কৰা হৈছেল।

ঘটনাৰ পিছতে শ শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ক’লা পতাকা প্ৰদৰ্শন কৰে।

শ্বিলঙৰ এনে উত্তেজনাপূৰ্ণ সময়ৰ বাবে অসমৰ লোকক শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.