Government SchemeSocialঅসম

অসমৰ ৰাইজৰ বাবে কি আহ্বান মুখ্যমন্ত্ৰীৰ? সকলোৱে কৰিব লাগিব এইকেইটা কাম….

চৰকাৰী কাৰ্যালয়ত ১ ঘন্টা অধিক সময় কাম কৰি অসমক দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্য হিচাপে নিৰ্মাণ কৰাত অৰিহণা যোগোৱাৰ আহ্বান।

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনটো গৌৰৱৰে উদযাপন কৰিছে সমগ্ৰ দেশবাসীয়ে। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ল স্বাধীনতা দিৱসৰ অনুষ্ঠান। অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ বাবে কৰে ১০টা ৰাজহুৱা আহ্বান। মুখ্যমন্ত্ৰীৰ ঘোষণাকেইটা হ’ল-

১)অসম সেউজীয়া কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰত্যেকখন চৰকাৰী/বেচৰকাৰী বিদ্যালয়, ৰাজহুৱা/ব্যক্তিগত সকলো কাৰ্যালয়ত ৭৫টাকৈ গছপুলিৰ ৰোপণ কৰাৰ আহ্বান।

২)কাৰ্যালয়, বিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱ, শিল্পী দিৱস, বিষ্ণুৰাভা দিৱস আদিৰ দৰে বিশেষ দিনৰ পালন কৰিব লাগিব।

৩)কোনো বয়সীয়া লোককে বৃদ্ধাশ্ৰমলৈ নপঠিওৱাৰ সংকল্প ল’ব লাগিব।

৪)চৰকাৰী চাকৰিয়ালসকলে বয়সীয়া পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবৰ বাবে সাত দিনৰ ছুটী ল’ব পাৰিব। আনহাতে, ব্যৱসায়ীসকলে সাত দিনৰ ছুটী লৈ নিজৰ পৰিয়ালক ধৰ্মীয় স্তানলৈ পুৰাবলৈ লৈ যাব পাৰিব।

৫)সকলো অনুষ্ঠানতে ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰাতো বাধ্যতামূলক।

৬)অসমখন প্ৰদূষণমুক্ত কৰি তুলিবৰ বাবে একক ব্যৱহাৰৰ প্লাষ্টিক(Single use plastic) ব্যৱহাৰ বন্ধ কৰিব লাগিব।

৭)কেন্সাৰ প্ৰতিৰোধ কৰাৰ লগতে স্বচ্ছতা বৰ্তাই ৰখাৰ উদ্দেশ্যে গুটখা সেৱন বন্ধ কৰা।

৮)২১ বছৰৰ পূৰ্বে নিজৰ ছোৱালীক বিয়া দিয়াৰ পৰা বিৰত থাকিব লাগিব।

৯)চৰকাৰী কাৰ্যালয়ত ১ ঘন্টা অধিক সময় কাম কৰি অসমক দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্য হিচাপে নিৰ্মাণ কৰাত অৰিহণা যোগোৱাৰ আহ্বান।

১০)ড্ৰাগছ আৰু মানৱ সৰবৰাহৰ দৰে যিকোনা ঘটনাৰ আপত্তি দৰ্শাবলৈ অসম আৰক্ষীৰ 24X7 হেল্পলাইন নম্বৰত কল কৰিব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button