অপৰাধঅসমঅসম আৰক্ষীচাকৰি

অসম আৰক্ষীৰ পৰীক্ষাত বৃহৎ জালিয়াতি। ৰাজ্যৰ কেইবাখনো জিলাত CIDৰ অভিযান

আৰক্ষীৰ পৰীক্ষাত ভূৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়া প্ৰায় ১০০ প্ৰাৰ্থীক তলব CIDৰ

ৰাজ্যত সংঘটিত হৈছে বৃহৎ জালিয়াতিৰ। অসম আৰক্ষীৰ পৰীক্ষাত সৃষ্টি হৈছে এই জালিয়াতিৰ। সদ্যঘোষিত অসম আৰক্ষীৰ AB, UB পৰীক্ষাত ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল বহু প্ৰাৰ্থী। যোৱা ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। আৰক্ষীৰ পৰীক্ষাত ভূৱা কম্পিউটাৰ প্ৰমাণপত্ৰ জমা দিয়া প্ৰায় ১০০ প্ৰাৰ্থীক তলব CIDৰ৷

 

মুঠ ৪১৪জন প্ৰাৰ্থীৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ। এই ৪১৪জনৰ ভিতৰত আছে বহু উত্তীৰ্ণ প্ৰাৰ্থীও। CIDৰ গোচৰ নম্বৰ 5/22 ৰ অধীনত উলুবাৰীৰ CIDৰ কাৰ্যালয়ত ৬৪ প্ৰাৰ্থীক চলাই থকা হৈছে মাৰাথন জেৰা। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ২১ প্ৰাৰ্থীক। কম্পিউটাৰৰ পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈয়ে তেওঁলোকে উলিয়াইছিল ভুৱা চাৰ্টিফিকেট। বৰ্তমান অসমৰ প্ৰতিটো প্ৰান্ততে চলি আছে CIDৰ অভিযান। বৰপেটা, বঙাইগাঁও, ধুবুৰী, নলবাৰী, নগাঁও, যোৰহাট, শিৱসাগৰ প্ৰতি প্ৰান্ততে চলি আছে CIDৰ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.