অসমবোলছবিমনোৰঞ্জন

প্ৰথমবাৰৰ বাবে অসমত নিৰ্মাণ 3D এনিমেছন চলচ্চিত্ৰ। আপুনিও ল’ব পাৰিব পানীল’কৰ সোৱাদ!

পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা পানীৰ তলত নিৰ্মাণ হ'ব 3D এনিমেছন চলচ্চিত্ৰ

অসমত নিৰ্মাণ 3D এনিমেছন চলচ্চিত্ৰ। পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা পানীৰ তলত নিৰ্মাণ হ’ব 3D এনিমেছন চলচ্চিত্ৰ। গুৱাহাটীৰ ১০ জনীয়া এটা যুৱক যুৱতীৰ দলৰ প্ৰচেষ্টাত ইতিমধ্যে আৰম্ভ হৈছে চলচ্চিত্ৰখনৰ নিৰ্মাণৰ কাম। বলিউডৰ বিশিষ্ট কাহিনী লেখক জয়ন্ত গুপ্তাৰ কাহিনীৰে নিৰ্মাণ কৰি থকা হৈছে ছবিখন।

 

পানীল’ক নামৰ এই ছবিখনত এটি শিশুৱে নিজৰ পৰিচয় বিচাৰি বিশ্ব ভ্ৰমণ কৰা কাহিনী উপস্থাপন কৰিব বিচৰা হৈছে। Disneyৰ আৰ্হিৰে সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তিৰে নির্মাণ কৰি থকা হৈছে এই এনিমেছন ছবিখন।গুৱাহাটীৰ পৰিচয় ষ্টুডিঅত কাম চলি থকা 3D ছবিখনৰ আন এক বিষয়বস্তু হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিবেশ সংৰক্ষণ। কেৱল অসমতে নহয় ভাৰতৰ আন আন ৰাজ্যৰ যুৱক যুৱতীয়েও এই কাৰ্টুন ছবিখনৰ হৈ কৰি আছে কাম।

 

২০২৩ বৰ্ষত সমগ্ৰ ভাৰতবৰ্ষতে মুক্তি লাভ কৰিব এই ছবিখনে। তাৰে পূৰ্বে দেওবাৰে মুকলি কৰা হয় পানীল’ক নামৰ এই ছবিখনৰ পোষ্টাৰ। পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে শিল্পী জুবিন গাৰ্গৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। ভাৰতৰ সকলো চিনেমা হ’লৰ লগতে সকলো OTT প্লেটফৰ্মত মুক্তি লাভ কৰিব পানীল’ক নামৰ 3D কাৰ্টুন ছবিখনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.