অৰুণাচল প্ৰদেশঅসম

পুনৰ অশান্ত সীমান্তঃ অসমৰ বীট অফিচাৰলৈ গুলী নিক্ষেপ অৰুণাচলী দুৰ্বৃত্তৰ

অৰুণাচলী বন দস্যুক গছ কটাত বাধা প্ৰদান কৰোতে বন বিভাগৰ লোকৰ ওপৰত গুলীবৰ্ষণ কৰে দুস্কৃতিকাৰীয়ে। অৰুণাচলী দুৰ্বৃত্তই গুলীওৱাৰ পাছত আত্মৰক্ষাৰ বাবে অসমৰ বন বিভাগেও শূণ্যলৈ গুলী বৰ্ষণ কৰিবলৈ উদ্যত হয়। ৰামপুৰ বীটৰ বীট অফিচাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত কথমপি প্ৰাণৰক্ষা বীট অফিচাৰ বনমালী নৰহৰ।

অসমৰ মাটিতে অসুৰক্ষিত অসমীয়া। পুনৰ অশান্ত অসম-অৰুণাচল সীমান্ত। অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ৰামপুৰত গুলীয়াগুলী। বিট অফিচাৰলৈ লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তৰ গুলী নিক্ষেপ।

তিনিদিন পূৰ্বে অসমৰ বন বিষয়াক অৰুণাচলী দুৰ্বৃত্তই কৰায়ত্ত কৰিছিল অৰুণাচলী দুৰ্বৃত্তই। মঙলবাৰে, অসম-অৰুণাচল সীমান্তৰ ৰামপুৰ বিটৰ অধীনৰ ২নং বেল বস্তী এলেকাত অবৈধ ভাৱে গছ কাটি থকা অৰুণাচলী দুৰ্বৃত্তক বাধা প্ৰদান কৰিবলৈ গৈছিল ৰামপুৰ বিটৰ বন বিভাগৰ লোক।

অৰুণাচলী বন দস্যুক গছ কটাত বাধা প্ৰদান কৰোতে বন বিভাগৰ লোকৰ ওপৰত গুলীবৰ্ষণ কৰে দুস্কৃতিকাৰীয়ে। অৰুণাচলী দুৰ্বৃত্তই গুলীওৱাৰ পাছত আত্মৰক্ষাৰ বাবে অসমৰ বন বিভাগেও শূণ্যলৈ গুলী বৰ্ষণ কৰিবলৈ উদ্যত হয়। ৰামপুৰ বীটৰ বীট অফিচাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত কথমপি প্ৰাণৰক্ষা বীট অফিচাৰ বনমালী নৰহৰ।

উল্লেখযোগ্য যে, শনিবাৰে সংৰক্ষিত বনাঞ্চলৰ ধেমাগড়ত সংঘটিত হৈছিল অনুৰূপ ঘটনা। তাৰ পাছতো এই পৰ্যন্ত জিলা প্ৰশাসনে সীমান্তৱৰ্তী অঞ্চলত কোনো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ ফলত সীমান্তত বাস কৰা অসমীয়া লোকৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.