Socialঅসম

আৰব সাগৰৰ ধৰমতাৰ জেট্টিৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈকে সাঁতুৰি অভিলেখ ৰচিলে প্ৰথম অসমীয়া এলভিছ আলী হাজৰিকাই

এই সাঁতোৰ সম্পূৰ্ণ কৰিবলৈ তেখেতক সময় লাগিছিল ১০ ঘন্টা। নিশাৰ ভাগত এই যাত্ৰা বিপদসংকুল আছিল যদিও এলভিছ আলী হাজৰিকাই অতি সাহসেৰে পাৰ হয় ৩৮ কিঃম্ঃ সাগৰীয় পথ।

অসমৰ এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সন্তৰণবিদ এলভিছ আলী হাজৰিকা। সাঁতোৰৰ জৰিয়তে অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে জলকোঁৱৰ এলভিছ আলী হাজৰিকাই।

আৰব সাগৰৰ ধৰমতাৰ জেট্টিৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈকে ৩৮ কিঃমিঃ সাঁতুৰি অভিলেখ ৰচিবলৈ সক্ষম হ’ল এলভিছ আলী হাজৰিকা। ২২ নৱেম্বৰৰ গভীৰ নিশা সাঁতোৰ আৰম্ভ কৰিছিল এলভিছ আলী হাজৰিকাই। এই সাঁতোৰ সম্পূৰ্ণ কৰিবলৈ তেখেতক সময় লাগিছিল ১০ ঘন্টা। নিশাৰ ভাগত এই যাত্ৰা বিপদসংকুল আছিল যদিও এলভিছ আলী হাজৰিকাই অতি সাহসেৰে পাৰ হয় ৩৮ কিঃম্ঃ সাগৰীয় পথ।

আৰব সাগৰৰ ধৰমতাৰ জেট্টিৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈকে সাঁতুৰি অভিলেখ ৰচিলে প্ৰথম অসমীয়া এলভিছ আলী হাজৰিকাই

সাঁতোৰ সম্পন্ন কৰি তেওঁ কয় যে, ‘যথেষ্ট কঠোৰ পৰিশ্ৰমৰ অন্তত মই সফলতাৰে ধৰমতাৰ, জেটীৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতোৰ সম্পন্ন কৰি প্ৰথম অসমীয়া সন্তৰণবিদ হ’বলৈ সক্ষম হ’লো’।

মাত্ৰ ৯ বছৰ বয়সতে এছিয়া পেচিফিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ লগতে ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমৰ দীৰ্ঘ দূৰত্বৰ আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদগৰাকীৰ এই অভিলেখে গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ।

এই সাফল্য অর্জন কৰা তেঁৱেই হৈছে প্ৰথমজন অসমীয়া সন্তৰণবিদ। সোমবাৰে, নিশা ১ বজাত আৰম্ভ কৰা সাঁতোৰ সম্পূৰ্ণ কৰিবলৈ এলভিছ আলী হাজৰিকাক প্ৰয়োজন হৈছিল ১০ ঘন্টা।

উল্লেখ্য যে, আগন্তুক বৰ্ষত North Channel Swimmingত অংশ ল’ব এলভিছে। তাৰবাবেই বৰ্তমান অনুশীলনত ব্যস্ত সন্তৰণবিদগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button