Socialঅসম

বিয়ালৈ মাজত আছিল মাত্ৰ এমাহ, শৰাইঘাট দলঙৰ পৰা তলত পৰি প্ৰেমিক-প্ৰেমিকাৰ মৃত্যু

নিশা শৰাইঘাট দলঙত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল। কাল অমানিশাই আজুৰি নিলে এহাল যুৱক-যুৱতীৰ সপোন। নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক সাৱটিলে এহাল প্ৰেমিক-প্ৰেমিকাই।

বিয়ালৈ মাজত আছিল মাত্ৰ এমাহ। শ্ৰীঘ্ৰেই ন-জীৱনৰ পাতনি মেলাৰ আশা আছিল দুয়োৰে হৃদয়ত। কিন্তু নিমিষতে নিঃশেষ হৈ গ’ল সেই সপোন।

পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুয়োৰে। শৰাইঘাট দলঙৰ ওপৰৰ পৰা ৫০ ফুট তলত পৰিলহি ৰুমিজা বেগম আৰু ফকৰুল ইছলাম আহি থকা চুইফট ডিজায়াৰ বাহনখন। দুয়োৰে ঘৰ আছিল দৰং জিলাত।

নিশা শৰাইঘাট দলঙত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিঙত খুন্দিয়াই ৫০ ফুট তলত পৰে চুইফট বাহনখন।
এই শোকাৱহ ঘটনাই এতিয়া অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.