খেলভাৰত

প্ৰতিশ্ৰুতি ৰক্ষা কৰি পি. ভি. সিন্ধুৰ সৈতে আইচক্ৰীম খোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী

সোমবাৰে, দুবাৰকৈ অলিম্পিক বিজয়ী খেলুৱৈ পি.ভি. সিন্ধুৰ সৈতে নিজ বাসগৃহত আইচক্ৰীমৰ সোৱাদ ল'লে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে

প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় বেডমিন্টন ষ্টাৰ পি.ভি. সিন্ধুৰ সৈতে আইচক্ৰীম খোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী।

সোমবাৰে, দুবাৰকৈ অলিম্পিক বিজয়ী খেলুৱৈ পি.ভি. সিন্ধুৰ সৈতে নিজ বাসগৃহত আইচক্ৰীমৰ সোৱাদ ল’লে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

টকিঅ’ অলিম্পিকত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা সকলো ভাৰতীয় ক্ৰীড়াবিদৰ সৈতে সোমবাৰে কথোপকথন কৰে প্ৰধানমন্ত্ৰীয়ে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ জুলাই মাহত অলিম্পিক ক্ৰীড়াবিদৰ সৈতে ভিডিঅ’ কনফাৰেন্সত মিলিত হৈছিল নৰেন্দ্ৰ মোদী। সেই সময়ত তেওঁ কৈছিল, কিদৰে ৰিঅ’ অলিম্পিকৰ সময়ত আইচক্ৰীম খোৱাৰ পৰা বিৰত থাকিবলগীয় হৈছিল খেলুৱৈ পি. ভি. সিন্ধু। টকিঅ’ অলিম্পিকৰ বাবেও সিন্ধুৱে একেই পন্থা হাতত লোৱাৰ কথা কৈছিল মোদীয়ে।

অলিম্পিকলৈ যোৱাৰ পূৰ্বে সিন্ধুৰ সৈতে আইচক্ৰীম খোৱাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেওঁ সোমবাৰে সিন্ধুৰ খালে বাটাৰস্কছ

টকিঅ’ত ক্ৰীড়াবিদৰ সুন্দৰ প্ৰদৰ্শনক প্ৰশংসা কৰাৰ লগতে সকলোৰে সৈতে মত বিনিময় পৰ্বতো ভাগ লয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button