অসমআঞ্চলিকবতৰ

ৰাজ্যত ধাৰাসাৰ বৰষুণক লৈ সতৰ্কতা জাৰি বতৰবিজ্ঞান কেন্দ্ৰৰ, এইকেইখন জিলাত হ’ব নেৰানেপেৰা বৰষুণ

কোন কোন জিলাত হ'ব নেৰানেপেৰা বৰষুণ?

ধাৰাসাৰ বৰষুণৰ কবলত পৰিব অসম। বৰষুণৰ লগতে শিলাবৃষ্টি তথা বিজুলী-ঢেৰেকনিৰ প্ৰভাৱত পৰিব অসম।

এই সম্পৰ্কত সতৰ্কবাণী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ লগতে উত্তৰ-পূবৰ আনকেইখন ৰাজ্যতো সতৰ্কতা জাৰি কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত ৪ ফেব্ৰুৱাৰীলৈকে ধাৰাসাৰ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে।

ধাৰাসাৰ বৰষুণৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে কেইবাখনো জিলাতো।  এই জিলাকেইখন  হৈছে- দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, মানকাছাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, হোজাই, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ আৰু যোৰহাটত অধিক সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰী কৰা হৈছে।

ইয়াৰ লগতে আন জিলাসমূহতো বৰষুণৰ সম্ভাৱনা আছে। অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাতো প্ৰবল বৰষুণৰ আশংকা আছে।

উল্লেখ্য, বিগত দুটা দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বৰষুণে বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ। দিনৰ ভাগত মহানগৰীৰ লগতে কেতবোৰ অঞ্চলত তাপমাত্ৰা প্ৰায় স্বাভাৱিক আছে যদিও বতাহৰ বাবে শীতৰ প্ৰকোপ বাৰুকৈ অনুভৱ হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 4 =

Back to top button