অসম

মাত্ৰ ৩০ টকাতে পাব ৩০ লিটাৰকৈ পেট্ৰ’ল, এটা চিলিণ্ডাৰ, পিছে কেনেকৈ লাভ কৰিব আপুনি?

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপ কৰা কৰ কিছু পৰিমাণে হ্ৰাস কৰা হৈছে যদিও এতিয়াও ৯০ৰ ঘৰতে আছে প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ দাম। ঠায়ে ঠায়ে এতিয়াও প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০০ টকাৰ ওপৰত।

চৌদিশে মূল্যবৃদ্ধি। মূল্যবৃদ্ধি উপলক্ষে আয়োজন কৰা হৈছে এখন বিশেষ লটাৰী। আপুনিও হ’ব পাৰে ভাগ্যবান।

 

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপ কৰা কৰ কিছু পৰিমাণে হ্ৰাস কৰা হৈছে যদিও এতিয়াও ৯০ৰ ঘৰতে আছে প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলৰ দাম। ঠায়ে ঠায়ে এতিয়াও প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০০ টকাৰ ওপৰত।

 

তেনে সময়তে এইবাৰ মূল্যবৃদ্ধি উপলক্ষে ৰাজ্যত আয়োজন কৰা হৈছে এখন অভিনৱ লটাৰী খেল। মাত্ৰ ৩০ টকাতে উপলব্ধ ৩০ লিটাৰ পেট্ৰ’ল। ৩০ টকাত উপলব্ধ হৈছে ২০ লিটাৰ ডিজেল, চিলিণ্ডাৰ। লগতে আছে আন বহুকেইটা মূল্যবৃদ্ধি হোৱা সামগ্ৰী। কেৱল মাত্ৰ ৩০টকাতে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব লটাৰীৰ টিকট।

 

উল্লেখ্য যে, বঙাইগাওঁ জিলাৰ বৰপথাৰ গাঁৱৰ কেইজনমান যুৱকে আয়োজন কৰিছে এই বিশেষ লটাৰী খেলখন। খেলখনৰ পুৰষ্কাৰে এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা। খেলখনৰ টিকটৰ বাবে আপুনি যোগাযোগ কৰিব পাৰিব ৯৩৯৪০৮৪০৬৮ নম্বৰত। গতিকে পলম নকৰি আপুনিও সাজু হওঁক। আপোনাৰ ভাগ্যতো ফুটিব পাৰে, চিলিণ্ডাৰ, পেট্ৰ’ল-ডিজেল অথবা তেলাল হাঁহ-কুকুৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.