দুৰ্ঘটনাভাৰত

যাত্ৰাপথতে পাহাৰত আবদ্ধ ৰ’পৱেৰ ট্ৰলী, পৰ্যটকৰ মাজত হাহাকাৰ…

ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৰ'পৱেৰ মেনেজাৰ আৰু আন কৰ্মচাৰীসকলে। বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে সমগ্ৰ পৰিস্থিতি।

ঝাৰখণ্ডৰ দেওঘৰ ত্ৰিকুট পাহাৰত অঘটন। যাত্ৰাপথতে আৱদ্ধ হৈ পৰিল যাত্ৰীবাহী ৰ’পৱেৰ ট্ৰলী। দেওবাৰে বিয়লি ৪ বজাত সংঘটিত হয় এই ঘটনা।

ত্ৰিকুট পাহাৰৰ বাবা বৈদ্যনাথ মন্দিৰৰ দিশে একে সময়তে ২৫খন ট্ৰলী গৈ থকাৰ সময়তে বোজা বৃদ্ধি পোৱাৰ ফলত ভাগি যায় ৰ’পৱেৰ ৰোলাৰ। ফলস্বৰূপে পাহাৰত খুন্দা মাৰে ৰ’পৱেৰ তিনিখন ট্ৰলীয়ে। এই সংঘৰ্ষৰ ফলত সৰি পৰে দুখনকৈ ট্ৰলী। ট্ৰলীত থকা ১২জন পৰ্যটক গুৰুতৰভাৱে আহত হোৱাৰ পৰিৱৰ্তে ২জন লোকে মৃত্যুক সাবটি লয়। আনহাতে, ৰ’পৱেত আহি থকা আনকেইখন ট্ৰলী আধাবাটতে আবদ্ধ হৈ পৰে।

আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে সোমবাৰেও অব্যাহত আছে বায়ুসেনা আৰু NDRFৰ যুটীয়া অভিযান। MI-17 হেলিকপ্টাৰেৰে ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বহুকেইজন যাত্ৰীক।

কিন্তু, ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৰ’পৱেৰ মেনেজাৰ আৰু আন কৰ্মচাৰীসকলে। বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে সমগ্ৰ পৰিস্থিতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.