অসমআঞ্চলিক

সাৱধান! ৰাজ্যত আকৌ সোপাধৰাৰ আতংক

সোপাধৰাৰ সন্দেহত দলবদ্ধ প্ৰহাৰ এজনক৷ দলবদ্ধ প্ৰহাৰত মৃত্যু এজন লোকৰ, জোনাইৰ বৈকুণ্ঠপুৰত সংঘটিত হৈছে এই ঘটনা

সাৱধান! ভালকৈ ৰাখক আপোনাৰ সন্তানক৷ ৰাজ্যত আকৌ সোপাধৰাৰ আতংক, সোপাধৰাৰ সন্দেহত দলবদ্ধ প্ৰহাৰ এজনক৷ দলবদ্ধ প্ৰহাৰত মৃত্যু এজন লোকৰ, জোনাইৰ বৈকুণ্ঠপুৰত সংঘটিত হৈছে এই ঘটনা৷

মাতৃৰ কোলাৰ পৰা সন্তান কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছিল ব্যক্তিজনৰ বিৰুদ্ধে৷ মাতৃৰ চিঞৰ বাখৰত সেই ঠাইত গোট খাইছিল স্থানীয়লোক৷ তাৰপিছতেই সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ, ৰাইজে সোপাধৰাৰ সন্দেহত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে লোকজনক৷ ঘটনাস্থলীৰ পৰা লোকজনক হাস্পতাললৈ লৈ যোৱা হয় যদিও মৃত্যু হয় লোকজনৰ৷

আচলতে সেই লোকজন সোপা ধৰা আছিল নে নাই সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত৷ আৰক্ষীয়ে ঘটনাসন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 7 =

Back to top button