nationalভাৰত

একাধিকবাৰ কন্যাৰ সৈতে জ*ঘন্য কাণ্ড পিতৃৰ, ১২ লাখ টকাত বিক্ৰী নিৰ্দয় মাতৃৰ…

দ্বিতীয় স্বামীৰ সৈতে লগ লাগি নিজৰ ১২ বছৰীয়া কন্যাক ১২ লাখ টকাত বিক্ৰী কৰে নিৰ্দয় মাতৃয়ে। এই গোচৰৰ মুঠ পাঁচজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে প্ৰধান অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। কোতৱালি থানাৰ অন্তৰ্গত সংঘটিত হৈছে এই ঘটনা।

নিষ্ঠুৰ, নিৰ্দয়! নিজৰ কন্যাকে বিক্ৰী কৰিলে জন্মদাত্ৰী মাতৃয়ে। প্ৰথমে জোৰকৈ বিবাহপাশত আবদ্ধ কৰোৱা হৈছিল ১২ বছৰীয়া কিশোৰীগৰাকীক। তাৰ পিছত কেইবাজনো লোকে দলবদ্ধভাৱে অ*পকৰ্ম সংঘটিত কৰিছিল কিশোৰীগৰাকীৰ সৈতে। এই গোচৰৰ সৈতে জড়িত পাঁচজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মধ্যপ্ৰদেশৰ ৰাজগড়ত সংঘটিত হৈছে এই ঘটনা। যিয়ে সমগ্ৰ অঞ্চলটোত জোকাৰণিৰ সৃষ্টি কৰিছে। দ্বিতীয় স্বামীৰ সৈতে লগ লাগি নিজৰ ১২ বছৰীয়া কন্যাক ১২ লাখ টকাত বিক্ৰী কৰে নিৰ্দয় মাতৃয়ে। এই গোচৰৰ মুঠ পাঁচজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে প্ৰধান অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। কোতৱালি থানাৰ অন্তৰ্গত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ তথ্য অনুসৰি ২০২৫ চনৰ জানুৱাৰী মাহত অত্যধিক সুৰা সেৱনৰ বাবেই ভুক্তভোগীৰ প্ৰকৃত পিতৃৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে মাকে গুনা জিলাৰ বাসিন্দা পৱন ওৰফে পৰমল গুৰজাৰৰ সৈতে দ্বিতীয় বিবাহত আবদ্ধ হয়। ইয়াৰ পিছতে গোটেই পৰিয়ালটো ৰাজগড়লৈ স্থানান্তৰিত হয়।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ভুক্তভোগীৰ মাতৃ আৰু সতীয়া পিতৃয়ে ২৬ বছৰীয়া ভোলা ওৰফে ভোলাৰাম গুৰ্জাৰৰ সৈতে বিবাহৰ আয়োজন কৰিছিল। আৰক্ষীৰ মতে, এয়া আৰ্থিক লেনদেনৰ সৈতে জড়িত মানৱ সৰবৰাহৰ গোচৰ আছিল। অভিযুক্তই নগদ ৮ লাখ টকা আৰু ৪ লাখ টকাৰ গহনা লৈ কিশোৰীগৰাকীক বিক্ৰী কৰে।

তদন্তত আৰু জানিব পৰা গৈছে যে অভিযুক্ত ভোলা নামৰ যুৱকজনে কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰিছিল। ইয়াৰ পিছত কিশোৰীগৰাকীৰ সতীয়া পিতৃয়ে তাইক একাধিকবাৰ ধ/ৰ্ষ/ণ কৰিছিল। লগতে অভিযুক্তই কিশোৰীগৰাকীক অহৰহ ভয়-ভাবুকি প্ৰদান কৰি আহিছিল।

আৰক্ষীৰ মতে, পৱন গুৰজাৰ নামৰ অভিযুক্তজনে কিশোৰীগৰাকীক মাতৃক ত্যাগ কৰি পলায়ন কৰে। ইয়াৰ পিছতে মাতৃয়ে ৰাজস্থানত তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত কণমানি ছোৱালীজনীক ৰাজগড়ৰ শৈতনবাই নামৰ এগৰাকী মহিলাৰ ঘৰত এৰি থৈ যায়। য’ত কিশোৰীগৰাকী ঘৰৰ কাম কৰিবলৈ বাধ্য কৰোৱা হয়। এই সময়ছোৱাত দেৱৰাজ গুৰজাৰ নামৰ এজন ব্যক্তিয়ে কিশোৰীগৰাকীক ধ/ৰ্ষ/ণ কৰে।

ৰাজগড় কোতৱালি থানাৰ থানা প্ৰভাৰী পৰিদৰ্শক মঞ্জু মাখেনিয়াই কিশোৰীগৰাকীক সৈতে সংঘটিত বৰ্বৰতা আৰু অত্যাচাৰৰ খবৰ লাভ কৰে। তথ্যৰ ভিত্তিত কাম কৰি আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। তাৰ পিছতে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সতীয়া পিতৃ ভোলাৰামৰ লগতে দেৱৰাজ গুৰজাৰ, সাগৰ গুৰজাৰ, শৈতনবাই আৰু ভুক্তভোগীৰ মাতৃক। ইফালে প্ৰধান অভিযুক্ত পৰমল গুৰ্জাৰ এতিয়াও পলাতক অৱস্থাত আছে। ব্যক্তিজনৰ সন্ধান দিওতালৈ বাবে ১০ হাজাৰ পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.