অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত আকাংক্ষিত ফল নাপাই ছাত্ৰীৰ আত্মহত্যা

সৰভোগত এক শোকাৱহ ঘটনা

সৰভোগত এক শোকাৱহ ঘটনা৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত আকাংক্ষিত ফল নোপোৱাৰ বাবে সৰভোগৰ ১৬ বছৰীয়া বৰষা ৰাজবংশীয়ে আত্মহত্যা কৰে৷

ভুলুকাডোবাৰ দিবাকৰ ৰাজবংশীৰ কন্যা তথা পশ্চিম বৰনগৰ ছোৱালী হাইস্কুলৰ ছাত্রী বৰষা ৰাজবংশীয়ে মেট্রিকৰ ফলাফল ঘোষণা হোৱাৰ পাছত আকাংক্ষিত ফলাফল নাপাই হতাশ হৈ আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিব দিয়ে৷

উল্লেখ্য যে, বৰষা ৰাজবংশীয়ে দ্বিতীয় বিভাগত উত্তীর্ণ হৈছিল৷ ফলাফল লাভ কৰাৰ পাছত ছাত্রীগৰাকীয়ে সহপাঠীসকলৰ লগত যথেষ্ট আনন্দ–স্ফূর্তিতে থকা দেখা গৈছিল। ঘৰলৈ বহু দেৰিলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। কিছুসময় পাছত ইফালে–সিফালে বিচাৰ–খোচাৰ কৰাৰ পাছত সন্দেহবশতঃ দেউতাকে ঘৰৰ পিছফালে থকা পুখুৰীত বহু সময় বিচাৰি ছাত্রীগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.