এটা চমৎকাৰী গ’লেৰে খেলপথাৰত অভিলেখ ভাৰতীয় খেলুৱৈ গুৰজিত কৌৰৰ
মাত্ৰ এটা গ'ল আৰু তিনিবাৰৰ বিশ্ব চেম্পিয়ন, মহিলা হকীৰ শক্তিশালী অষ্ট্ৰেলিয়াৰ টীমক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী টীমে
- Gurjit Kaur, Indian Women's Hockey Team, Tokyo Olympics 2020, Indian Hockey Team,
টকিঅ’ অলিম্পিকৰ পৰা ভাৰতলৈ পুনৰ আহিছে ভাল খবৰ। অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা হকী টীমৰ সফলতাই আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতলৈ।
মাত্ৰ এটা গ’ল আৰু তিনিবাৰৰ বিশ্ব চেম্পিয়ন, মহিলা হকীৰ শক্তিশালী অষ্ট্ৰেলিয়াৰ টীমক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী টীমে।
🇮🇳 HISTORY HAS BEEN MADE!!! 🙌#IND beat and knock out world no. 2 #AUS in the quarter-final match of women’s #hockey by 1-0 to seal their spot in SEMI-FINAL for the first time ever! 😍👏#Tokyo2020 | #StrongerTogether | #UnitedByEmotion pic.twitter.com/HgBcsHg5Ob
— #Tokyo2020 for India (@Tokyo2020hi) August 2, 2021
তাৰ পাছতে খেলপথাৰত হৰ্ষোধ্বনি। খেলুৱৈ গুৰজিত কৌৰৰ এটা চমৎকাৰী গ’লৰ বাবেই ছেমিফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় মহিলা হকী দলে।
বুধবাৰে খেলপথাৰত আৰ্জেন্টিনাৰ খেলুৱৈৰ সৈতে মুখামুখি হ’ব ভাৰতীয় মহিলা হকী টীম।
উল্লেখযোগ্য যে, ১৯৮০ চনত মস্কোত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা হকী টীমে প্ৰথমবাৰৰ বাবে ভুমুকি মাৰিছিল। সেইসময়ত শ্ৰেষ্ঠ ৬টা দলক দিয়া হৈছিল খেল খেলাৰ সুযোগ। য’ত ভাৰতে দখল কৰিব পৰা নাছিল নিজৰ স্থান। ১৯৮০ চনত মাত্ৰ ৩-১ৰ ব্যৱধানত ভাৰতক পৰাস্ত কৰিছিল ছোভিয়েট ইউনিয়নে। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত দ্বিতীয়বাৰৰ বাবে ভুমুকি মাৰিছিল মহিলা হকী টীমে। কিন্তু এবাৰো ভাল ফলাফল দেখুৱবলৈ সক্ষম হোৱা নাছিল ভাৰতীয় মহিলা হকী দল।

কিন্তু টকিঅ’ অলিম্পিক ২০২০ ভাৰতীয় হকী দলৰ বাবে পুনৰাত্থনৰ সুযোগ। দেওবাৰে হকীত পুৰষ দলে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাছতে আজি অষ্ট্ৰেলিয়াক পৰাভূত কৰি বাৰতীয় মহিলা হকী টীমে ভাৰতলৈ কঢ়িয়াই আনিছে সুখৰ খবৰ।