অসম

কেতিয়া খুলিব আন্ত:জিলা যাতায়াত, স্কুল-কলেজ- কি ক’লে মুখ্যমন্ত্ৰীয়ে?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে সান্ধ্য আইন শিথিল কৰাৰ লগতে আন্তঃজিলা যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত নতুন ঘোষণা কৰিলে

ৰাজ্যত নতুন SOP। সোমবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে SOP। সান্ধ্য আইন শিথিল কৰাৰ লগতে আন্তঃজিলা যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত নতুন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  সকলো জিলাতে সান্ধ্য আইনৰ ক্ষেত্ৰত শিথিলতা। ৰাজ্যৰ ২খন জিলাত শিথিল কৰা হ’ব সান্ধ্য আইন। এতিয়াৰে পৰা লক্ষীমপুৰ, গোলাঘাটত ১ বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ। ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ বিদ্যালয়ৰ পাঠদান। ১৬ আগষ্টৰ পৰা ৰাজ্যত শিথিল হ’ব আন্ত:জিলা যাতায়াত বিধি।
  সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, সকলো জিলাতে ৪ বজালৈকে খোলা থাকিব দোকান পোহাৰ। বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন।
  বৰ্তমান ক’ভিডৰ এই পৰিবেশ বজাই ৰাখিলে অহা ৭ আগষ্টৰ পৰা ৬ বজালৈকে দোকান খোলাৰ সম্ভাৱনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + eight =

Back to top button