Government Schemeঅসম

ক’ভিড-১৯ত স্বামীহাৰা মহিলালৈ অসম চৰকাৰৰ বিশেষ সাহাৰ্য আঁচনি

ৰাজ্যৰ ৮৭৩ গৰাকী মহিলাক প্ৰদান কৰা হ'ব এই বিশেষ আঁচনিৰ অধীনত সাহাৰ্য

ক’ভিডত স্বামীহাৰা হোৱা মহিলালৈ আশাৰ সঞ্চাৰ। ক’ভিড মহামাৰীত স্বামীক হেৰুৱাই বৈধব্যৰ জীৱন নিৰ্বাহ কৰা মহিলাসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰণয়ন কৰিছে নতুন আঁচনি।

দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ আটাইকেইজন কেবিনেট মন্ত্ৰী।

Assam CM giving cheque to widows

স্বামীহাৰা হোৱা মহিলাসকলক এই বিশেষ সাহাৰ্য আঁচনিৰ অধীনত দিয়া হ’ব আঢ়ৈ লাখ টকা। শুভাৰম্ভণি অনুষ্ঠানতেই ৮ খন জিলাৰ ১৭৪ গৰাকী মহিলাক ২.৫০ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখযোগ্য যে, ৰাজ্যৰ ৮৭৩ গৰাকী মহিলাক প্ৰদান কৰা হ’ব এই বিশেষ আঁচনিৰ অধীনত সাহাৰ্য। ২২ কোটি টকা সামৰি প্ৰণয়ন কৰা এই আঁচনিৰ টকাৰ চেক প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে অভিভাৱক মন্ত্ৰীসকলে প্ৰতিখন দিলাত গৈ বিধৱা মহিলাসকলক প্ৰদান কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.