অসমআঞ্চলিক

হাঁহি হাঁহি গ’লগৈ অভিনেতা কিশোৰ দাস

কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজি থকাৰ পিছতো কোনো দিনে মুখৰ পৰা হাঁহি নুগুচা অভিনেতা কিশোৰ দাস আৰু নাই।

হাঁহি হাঁহি গ’লগৈ অভিনেতা কিশোৰ দাস৷ মুম্বাইলৈ চিকিৎসা কৰিবলৈ গৈছিল সুস্থ হৈ ঘূৰি অহাৰ আশাত, কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে হাঁহি মুখীয়া উদ্যম অভিনেতাজনে৷ জীয়াই থকাৰ হেঁপাহ তেঁওৰ বহু আছিল৷ জটিল ৰোগত আক্ৰান্ত হৈও হাৰি যোৱা নাছিল কিশোৰ৷ চিকিৎসালয়ৰ পৰাই সামাজিক মাধ্যমত সক্ৰিয় হৈ প্ৰতিপল সুন্দৰভাৱে উদযাপন কৰি গৈছিল কিশোৰে৷

কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজি থকাৰ পিছতো কোনো দিনে মুখৰ পৰা হাঁহি নুগুচা অভিনেতা কিশোৰ দাস আৰু নাই। গুণমুগ্ধৰ শুভেচ্ছা-প্ৰাৰ্থনায়ো যেন ধৰি ৰাখিব নোৱাৰিলে অভিনেতা কিশোৰ দাসক।

চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ ২৮ বছৰ। ১৯৯৪ চনত কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাৰ বজৰাপাৰা গাঁৱত জন্মগ্ৰহণ কৰা কিশোৰ দাস সৰুৰে পৰাই অভিনয়ৰ প্ৰতি অনুৰাগী আছিল। সেইবাবেই অভিনয়কে তেওঁৰ জীৱনৰ লক্ষ্য হিচাবে বাছি লৈছিল। দীৰ্ঘদিন ধৰি অভিনেতাগৰাকী আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত।

অভিনেতাগৰাকীৰ অন্তিমখন ছবি ‘দাদা তুমি দুষ্ট বৰ’ মুক্তি পাইছিল যোৱা ২৪ জুনত। ইয়াৰ পূৰ্বে তেওঁ বিশ্বজিত কলিতাই পৰিচালনা কৰা ’ভাৱৰীয়া’ ছবিৰ লগতে আন কেইবাখনো ছবিত অভিনয় কৰিছিল। অ্‌ভিনেতাগৰাকীয়ে অভিনয় কৰা আৰু শিল্পী কুমাৰ ভৱেশে গোৱা ’ঐ আপি’ শীৰ্ষক গীতটিয়ে ৰাজ্যৰ সংস্কৃতিপ্ৰেমীৰ মাজত বেছ জনপ্ৰিয়তা অৰ্জন কৰিছিল।

তেওঁ ২০১৯ চনত “কেণ্ডিড ইয়ং এচিভমেণ্ট এৱাৰ্ড” আৰু এছিয়ানেট আইকন বঁটাত “আটাইতকৈ জনপ্ৰিয় অভিনেতা ২০২০-২০২১” বঁটা লাভ কৰিছিল।

কালে অকালতে আমাৰ মাজৰ পৰা আঁতৰাই নিয়া অভিনেতা কিশোৰ দাসৰ মৃত্যুত প্ৰথম খবৰৰ তৰফৰ পৰাও যাঁচিছো একাজঁলি গভীৰ শ্রদ্ধাঞ্জলি৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.