অপৰাধঅসমঅসম আৰক্ষী

চৰকাৰী চাউললৈ মোহ, সমবায় এজেণ্টৰ ঘৰত বস্তাই বস্তাই ওলাল ৰাইজৰ চাউল…

প্ৰাপ্ত তথ্য অনুসৰি, চেঙা সমষ্টিৰ দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ এজেন্ট জাহিদুল ইছলামৰ ঘৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ চাউল। ঘৰত অতিৰিক্ত চাউল থকাৰ সম্ভেদ লাভ কৰি কাছুমাৰা আৰক্ষীক খবৰ দিয়ে স্থানীয়ই।  

ৰাজ্যত অব্যাহত চাউলৰ ক’লা বেহা। মুখ্যমন্ত্ৰীৰ সকিয়নীকো অংগুষ্ঠ প্ৰদৰ্শন কৰি এচাম অসাধু লোকে চলাইছে চাউলৰ বেহা। এইবাৰ সমবায় এজেণ্টৰ গৃহৰ পৰা উদ্ধাৰ চোৰাং চাউল। এজেণ্টৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫১৫ বস্তা চাউল।

 

মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নিৰ পাছতো ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ৰমৰমীয়া ক’লা বেহা। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত। প্ৰাপ্ত তথ্য অনুসৰি, চেঙা সমষ্টিৰ দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ এজেন্ট জাহিদুল ইছলামৰ ঘৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ চাউল। ঘৰত অতিৰিক্ত চাউল থকাৰ সম্ভেদ লাভ কৰি কাছুমাৰা আৰক্ষীক খবৰ দিয়ে স্থানীয়ই।

 

খবৰ পাই ঘটনাস্থলীত কাছুমাৰা আৰক্ষী উপস্থিত হৈ এজেন্ট জাহিদুল ইছলামৰ ঘৰৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৫১৫ বস্তা সুলভ মূল্যৰ চাউল। সমবায় সমিতিৰ তথ্যমতে, এজেন্ট জাহিদুল ইছলামে গ্ৰাহকৰ নামত চাউল পায় প্ৰায় ১০৪ বস্তা অৰ্থাৎ ৫২ কুইন্টল। ৩০ জুনতেই সমবায় সমিতিৰ পৰা গ্ৰাহকৰ ৫২ কুইন্টল চাউল চমজি লয় এজেন্ট জাহিদুল ইছলামে। পিছে গ্ৰাহকৰ চাউল চমজি লৈ নিজৰ গৃহত ৰাখিছিল জাহিদুল ইছলামে। জাহিদুলৰ ঘৰত উদ্ধাৰ কৰা হয় প্ৰায় ৫১৫ বস্তা চাউল। ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব আৰু অধিক তথ্য। চোৰাং চাউলৰ বেহাত এজেন্ট জাহিদুল ইছলাম আৰু সমবায় সমিতিখনৰ সম্পাদক আব্দুল্লা ওৱাহিদি জড়িত থকাৰো অভিযোগ উঠিছে। এই ঘটনা CM ভিজিলেঞ্চৰ জৰিয়তে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − three =

Back to top button