Socialঅসমদুৰ্ঘটনা

বাঘজান অগ্নিকাণ্ডৰ পাছত OILএ নিষিদ্ধ কৰা ‘জন এনাৰ্জী’ক পুনৰ দায়িত্ব অৰ্পণ কৰাক লৈ প্ৰতিক্ৰিয়া আলফা স্বাধীনৰ

আলফা স্বাধীনে এক প্ৰেছ বিবৃতিযোগে অইন ইণ্ডিয়া লিমিটেডৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰে আৰু অইল ইণ্ডিয়া লিমিটেডক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়

বাঘজানৰ ২৭ মে’ ২০২০ তাৰিখে তিনিচুকীয়াৰ বাঘজনস্থিত ৫ নং তৈলকূপত অবিৰতভাৱে বিষাক্ত দাহ্য গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত ৯ জুন ২০২০ তাৰিখে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। ইয়াৰ ফলত ফলত শ শ পৰিয়ালে তেওঁলোকৰ শস্য-পথাৰ, ঘৰ ভেটি হেৰুৱাবলগীয়া হৈছিল।

অগ্নিকাণ্ডৰ পাছত অইল ইণ্ডিয়া লিমিটেডে জন এনাৰ্জী নামৰ গুজৰাটৰ বহুজাতিক প্ৰতিষ্ঠানক নিষিদ্ধ কৰিছিল। কিন্তু পুনৰ জন এনাৰ্জীক বাঘজানত খনিজ তেলৰ দায়িত্ব অৰ্পণ কৰিছে। তাকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে
আলফা স্বাধীনে এক প্ৰেছ বিবৃতিযোগে অইন ইণ্ডিয়া লিমিটেডৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰে আৰু অইল ইণ্ডিয়া লিমিটেডক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। লগতে অইল ইণ্ডিয়া লিমিটেডৰ এনে জনবিৰোধী কাৰ্য্যৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাইজক প্ৰবল প্ৰতিৰোধ গঢ়ি তোলাৰ বাবেও প্ৰেছ বিবৃতি যোগে আহ্বান জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.