অসমজন্তুজীৱনশৈলীবন্যপ্ৰাণী

এটা পৰিতক্ত ঘৰত প্ৰকাণ্ড ভালুক! ক’ৰ পৰা আহিছে ভালুকটো?

বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰত উদ্ধাৰ হৈছে এটা প্ৰকাণ্ড ভালুক। কাটাঝাৰৰ এটা পৰিয়ালৰ এটা পৰিতক্ত ঘৰত ভালুকটো প্ৰতক্ষ্য কৰে গৃহস্থই৷ তাৰ পিছতে হুৱা দুৱা লাগে অঞ্চলটোত৷

বৰপেটাৰোডৰ সমীপৰ কাটাঝাৰত উদ্ধাৰ হৈছে এটা প্ৰকাণ্ড ভালুক। কাটাঝাৰৰ এটা পৰিয়ালৰ এটা পৰিতক্ত ঘৰত ভালুকটো প্ৰতক্ষ্য কৰে গৃহস্থই৷ তাৰ পিছতে হুৱা দুৱা লাগে অঞ্চলটোত৷

ভালুকটো চোৱাৰ বাবে লোকে লোকাৰণ্য হৈ পৰে অঞ্চলটো৷ এই খবৰ লাভ কৰাৰ লগে লগে বনবিভাগ আৰু বৰপেটাৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভালুকটো ট্ৰেংকুলাইজড কৰি বিশেষ বাহনেৰে মানাহলৈ লৈ যায়৷

স্বাস্থ্য পৰীক্ষাৰ অন্তত মানাহৰ ঘন জংঘলত ভালুকটো মুকলি কৰি দিব বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে৷

জলবায়ুৰ পৰিবৰ্তন আৰু মানাহত ভালুকৰ পৰিমান যথেষ্ঠ বৃদ্ধি হোৱা বাবে ভালুক জনাঞ্চললৈ ওলাই অহা বুলি সদৰি কৰে মানাহৰ পশু চিকিৎসকে

উল্লেখ্য যে বিগত কিছুদিনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা ১২ টাকৈ ভালুক বনবিভাগে উদ্ধাৰ কৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 16 =

Back to top button