অপৰাধঅসমঅসম আৰক্ষী

১ কুইণ্টল ১২ কেজি গাঞ্জা সৰবৰাহ ৰে’লৰ গোপন চেম্বাৰত! শৌচাগাৰৰ ভিতৰ লুকুৱাই অনা হৈছিল গাঞ্জাখিনি

ৰে’লৰ গোপন চেম্বাৰত গাঞ্জা সৰবৰাহ। চাপৰমুখ ৰে’ল ষ্টেচনত নিশা আৰক্ষীৰ অভিযানত জব্দ হয় ১ কুইণ্টল ১২ কেজি গাঞ্জা। পানীৰ টেংকিৰ ভিতৰত লুকুৱাই অনাছিল গাঞ্জাখিনি।

ৰে’লৰ গোপন চেম্বাৰত গাঞ্জা সৰবৰাহ। চাপৰমুখ ৰে’ল ষ্টেচনত নিশা আৰক্ষীৰ অভিযানত জব্দ হয় ১ কুইণ্টল ১২ কেজি গাঞ্জা। পানীৰ টেংকিৰ ভিতৰত লুকুৱাই অনাছিল গাঞ্জাখিনি।

জব্দকৃত গাঞ্জাখিনিৰ মূল্য ৩-৪ কোটিৰো অধিক বুলি জানিব পৰা গৈছে।

ৰাণী কমলাৱতী আগৰতলা এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা। ত্ৰিপুৰাৰ পৰা মধ্যপ্ৰদেশ অভিমুখী আছিল ৰে’লখন।


জানিব পৰা মতে ত্ৰিপুৰাৰ পৰা কেইবাটাও গাঞ্জা মাফিয়াই ৰাণী কমলাপতি এক্সপ্ৰেছেৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি আনি আছিল। কিন্তু হোজাইত আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই উক্ত ৰে’লখনৰ পৰা বহু সংখ্যক গাঞ্জা পেকেটসহ চাৰিটা গাঞ্জা মাফিয়াক আটক কৰে।

গাঞ্জা সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত একেখন ৰে’লতে নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। মাফিয়াই গাঞ্জাখিনি এটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ এটা বক্সত লুকুৱাই আনিছিল। আৰক্ষীয়ে কাটাৰ মেচিন, হাতুৰী আদিৰে বক্স ভাঙি গাঞ্জাখিনি বাহিৰ কৰে। লগতে তদন্ত অব্যাহত ৰাখছে আৰক্ষীয়ে।

ইতিমধ্যে গুৱাহাটী হৈ মধ্যপ্ৰদেশলৈ ৰাওনা হৈছে ৰে’লখন।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.