অপৰাধঅসম

গোগামুখত ভুৱা নথি-পত্ৰৰ জালিয়াতি

জালিয়াতিৰ অভিযোগ কাৰ্যবাহী সদস্য ৰাজু শইকীয়াৰ বিৰুদ্ধে

গোগামুখত ভুৱা নথি-পত্ৰৰ জালিয়াতি

ভুৱা জন্ম-শিক্ষাগত নথি-পত্ৰৰে কাৰ্যবাহী সদস্য হিচাপে কাৰ্যভাৰ চলোৱাৰ অভিযোগ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ২১ নং ৰূপহী গড়পড়া সমষ্টিৰ বান আৰু পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য পদত কাৰ্যনিৰ্বাহ কৰা ৰাজু শইকীয়াৰ বিৰুদ্ধে। জন্ম আৰু শিক্ষাৰ নথি-পত্ৰ জালিয়াতিৰে বিগত পাচ বছৰে কাৰ্যনিৰ্বাহ কৰাৰ অভিযোগ ৰাইজৰ।

তথ্য অনুসৰি PAN Card-ত ৰাজু শইকীয়াৰ জন্মৰ তাৰিখ ২০ আগষ্ট ১৯৮৩ আৰু পিতৃ ৰূপহী গড়পড়া জনজাতি হাইস্কুলৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী পোণা শইকীয়াৰ জন্ম তাৰিখ-২৭ মাৰ্চ ১৯৭৬। অভিযোগ অনুসৰি ৰাজু শইকীয়াই ১৯৯৯ চনত মেট্ৰিক পাছ কৰি পুনৰ ৰাজু শইকীয়াই পিতৃৰ কৰ্মৰত বিদ্যালয়ত একেজন ব্যক্তিয়ে ২০০৯ চনত হেমন্ত শইকীয়াৰ নামত মেট্ৰিক পাছ কৰে। আৰ্চযজনক কথাটো হ’ল যে, পিতৃ পোণা শইকীয়াতকৈ পুত্ৰৰ বয়স কেনেকৈ ৭ বছৰে কম হ’ল?

এইগৰাকী ৰাজু শইকীয়াক ২১ নং ৰূপহী গড়পড়া সমষ্টিৰ পৰা বিজেপি দলৰ পৰিষদৰ আগন্তুক পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থীত্ব দিয়াৰ পৰিৱৰ্তে নিকা ভাৱমুৰ্তিৰ এগৰাকী যুৱ নেতাক দলৰ পৰা টিকট প্ৰদানৰ বাবে ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড: ৰণোজ পেগু আৰু অসমৰ মুখ্য মন্ত্ৰীক আহ্বান জনালে ২১ নং ৰূপহী গড়পড়া ঠেঙাল কছাৰী সমষ্টিৰ সচেতন নাগৰিকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.