Covid-19অসমজন্তুধাৰ্মিকপৰিৱেশ

খাদ্যৰ অভাৱত ভুগিছে মঠ মন্দিৰৰ লগতে দেৱালয়ৰ নিৰ্বোধ জীৱকুল

কৰ’ণাৰ ২য় ঢৌত স্তব্ধ হৈ পৰিছে মথ মন্দিৰ কিম্বা দেৱালয়সমূহ

কৰ’ণাৰ ২য় স্তৰ আৰম্ভ হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মঠ মন্দিৰৰ লগতে দেৱালয়সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। বন্ধ হৈ পৰিছে ভক্ত প্ৰাণৰ আগমনৰ। যাৰ বাবে একপ্ৰকাৰৰ মথ মন্দিৰ কিম্বা দেৱালয়সমূহৰ পোহনীয়া জীৱ জন্তু সমূহ খাদ্যৰ অভাৱত পৰা দেখিব পোৱা গৈছে।

তেনে এক মন্দিৰ হৈছে বিশ্বনাথৰ নাগশংকৰ মন্দিৰ। এই মন্দিৰৰ পুখুৰীত থকা প্ৰায় পাছ সহস্ৰাধিক কাছৰ খাদ্যৰ ব্যাপক নাটনি হোৱা দেখা গৈছে। পৰ্যটনৰ কেন্দ্ৰ হিচাপে পৰিচিত মন্দিৰৰ কাছসমূহৰ প্ৰায়ভাগ খাদ্য দৰ্শনাৰ্থী, ভক্তপ্ৰাণ ৰাইজেই যোগান ধৰিছিল। কিন্তু কৰ’ণা মহামাৰীৰ বাবে এতিয়া বন্ধ হৈ পৰিছে মন্দিৰৰ লগতে ভক্ত প্ৰাণ ৰাইজৰ আগমন।

এতিয়া কেৱল প্ৰকৃতি প্ৰেমি লোকসকললৈ অনুৰোধ যাতে সকলোৱে মিলি নিৰ্বোধ জীৱকুললৈ কিছু সহায়ৰ হাত আগবঢ়াই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.