অসমশ্ৰেণীবিহীন

দুই নাবালিকাৰ আত্মহননৰ ঘটনাৰ ৰহস্য এতিয়াও শেষ হোৱা নাই

ৰহস্যৰ আবৰ্তত অভয়াকুটিৰ ঘটনা

ৰহস্যৰ আবৰ্তত অভয়াকুটিৰ ঘটনা৷ ঘটনাস্থলীত চিআই ডিৰ আৰু ফৰেন্সিকৰ দল৷ অসম ৰাজ্যিক শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগৰ অধ্যক্ষা ড° সুনিতা চাংকাকতিৰ পৰিদৰ্শন৷

কোকৰাঝাৰ জিলাৰ অভয়াকুটিত জনজাতি সম্প্ৰদায়ৰ দুই নাবালিকাৰ আত্মহননৰ ঘটনাক লৈ ক্ৰমাৎ অধিক ৰহস্য ঘনীভূত কৰি তুলিছে বিভিন্ন মহলত৷

উল্লেখ্য যে, অভয়াকুটিৰ ঘটনাক লৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাৰ উচ্চস্থৰীয় তদন্তৰ নিৰ্দেশ দিছিল। ঘটনাত জড়িতৰ থকাৰ সন্দেহত পুনৰ দুজনসহ মুঠ সাতজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ অৱশ্যে ৰাজ্য জোকাৰি নিয়া অভয়াকুটিৰ কৰুণ ঘটনাক আৰক্ষীয়ে নিজাববীয়া বৈজ্ঞানিক দৃষ্টিভংগীৰে অনুসন্ধান ক্ষীপ্ৰ কৰি তুলিছে৷

ইপিনে কোকৰাঝাৰৰ অভয়াকুটিত আজি হৃদয় বিদাৰক ঘটনাৰ নিজাববীয়া তদন্তৰে সোমবাৰে গাওখনৰ ঘটনাস্থলীত উপস্থিত হয় চি আই ডি আৰু ফৰেন্সিকৰ এটি দল৷ ফৰেন্সিকৰ দলৰ হৈ নেতৃত্ব দিয়ে উপ সঞ্চালক পাৰ্থজ্যোতি শৰ্মা আৰু চি আই ডি দলটিত নেতৃত্ব দিছিল এচ পি কংকন জ্যোতি শইকীয়া৷ দলটি ঘটনাস্থলীৰ ভিডিও গ্ৰাফী আৰু বিভিন্ন তথ্য অনুসন্ধানৰ সময়ত মজুত কৰা জনা যায়৷

অভয়াকুটিত অতি সংগোপনে উপস্থিত হোৱা দুয়োটা অনুসন্ধানকাৰী সংস্থাই মৃত্যুবৰন কৰা ৰবিতা ৰাভা আৰু সোমাইনা ৰাভাৰ পৰিয়ালকো সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ আতিগুৰি পুংখানুপুংখকৈ অনুসন্ধান চলাই৷ আনপিনে অভয়াকুটি গাওৰ একেটা পৰিয়ালৰ দুগৰাকী ভগ্নী একেডাল গছত চিপলৈ আত্মহত্যা কৰা হৃদয়বিদাৰক ঘটনাৰ বুঁজ লৱলৈ সোমবাৰে উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগৰ অধ্যক্ষা ড° সুনিতা চাংকাকতিয়ে৷ চাংকাকতিয়ে আজি সংবাদমহলৰে আগত দুই নাবালিকাৰ আত্মহননৰ কৰুণ ঘটনাৰ প্ৰকৃত কাৰণ কি তাৰে বুজ ল’বলৈ শোকস্তব্ধ পৰিয়ালৰ সতে ঘটনাকলৈ কথা পতা বুলি কয়৷  তেওঁ অভয়াকুটিত দুই নাবালিক শিশুৰ আত্মহননক খুউব পৰিকল্পিত এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে৷

এইক্ষেত্ৰত শিশু সুৰক্ষা সমিতিৰ নেত্ৰীগৰাকীয়ে আইনৰ সুৰুঙাত যাতে দোষী সাৰি নেযায় তাৰ বাবে আহ্বান জনাই৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button