অসমআন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

আজি স্বদেশলৈ উভতিব অসমকন্যা লাভলীনা বৰগোহাঁই

সোমবাৰে বিয়লি ৫ বজাত দিল্লী বিমানবন্দৰত অবতৰণ কৰিব অসমৰ গৌৰৱ লাভলীনা

আজি স্বদেশলৈ উভতিব অসমকন্যা লাভলীনা বৰগোহাঁই।

সোমবাৰে বিয়লি ৫ বজাত দিল্লী বিমানবন্দৰত অবতৰণ কৰিব অসমৰ গৌৰৱ লাভলীনা। বিমান বন্দৰৰ পৰা লাভলীনাক আদৰি নিব ভাৰতীয় বক্সিং ফেডাৰেশ্যনে। বিমান বন্দৰত উপস্থিত থাকিব বক্সিং ফেডাৰেশ্যনৰ সচিব হেমন্ত কলিতা, লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইসহ আন বহুজন।

মঙলবাৰ অথবা বুধবাৰে গৃহৰাজ্যলৈ লাভলীনা ঘূৰি অহাৰ সম্ভাৱনা। অৱশ্যে এতিয়াও সম্পূৰ্ণৰূপে চূড়ান্ত হোৱা নাই পৰৱৰ্তী কাৰ্যসূচী।

যিহেতু সম্প্ৰতি নতুন দিল্লীতে উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গতিকে মুখ্যমন্ত্ৰীয়েও বিমান বন্দৰত লাভলীনাক আদৰণি জনোৱাৰ সম্ভাৱনা আছে।

১২ আগষ্টত বৰপথাৰৰ নিজ ঘৰলৈ যাব লাভলীনা। ১৩ আগষ্টত লাভলীনা পুনৰ উভতিব গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিব। স্বাধীনতা দিৱসৰ অনুষ্ঠানত লালকিল্লাৰ প্ৰাংগণত উপস্থিত থাকিব অসম কন্যা লাভলীনা। প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছে পদক বিজয়ীসকলক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − seven =

Back to top button