অসমৰাজনৈতিক

‘আদৰ্শ নে ৰাজনৈতিক স্বাৰ্থৰ বাবে কংগ্ৰেছ দললৈ আহিছিল ৰূপজ্যোতি কুৰ্মী’?-গৌৰৱ গগৈ

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল ত্যাগক লৈ সৰৱ হৈ উঠিছে সাংসদ গৌৰৱ গগৈ

মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল ত্যাগক লৈ সৰৱ হৈ উঠিছে সাংসদ গৌৰৱ গগৈ। আদৰ্শ নে ৰাজনৈতিক স্বাৰ্থৰ বাবে কংগ্ৰেছ দলত যোগদান কৰিছিল বুলি ৰূপজ্যোতি কুৰ্মীক প্ৰশ্ন কৰিছে সাংসদ গৌৰৱ গগৈয়ে।

উল্লেখ্য যে, ১৭ জুন তাৰিখে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ কথা সদৰী কৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সদ্য কংগ্ৰেছ ত্যাগী ৰূপজ্যোতি কুৰ্মীৰ সিদ্ধান্তক লৈ এতিয়া সৰৱ হৈ উঠিছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ। তেওঁ কয় যে-কংগ্ৰেছ দলত এক বিশেষ স্থান আছিল ৰূপজ্যোতি কুৰ্মীৰ। দলৰ মাজত যথেষ্ট সন্মান পোৱা ৰূপজ্যোতি কুৰ্মীয়ে তৰুণ গগৈৰ কাৰ্য্যকালৰ সময়তো দলৰ নেতৃত্বক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বহুবাৰ আক্ৰমণাত্মক হোৱাৰ অভিযোগ থকাৰ পাছতো দলীয় লোকে তেখেতৰ বিৰুদ্ধে কোনাধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি কয় গৌৰৱ গগৈয়ে।

তেওঁ কয় যে, এটা ৰাজনৈতিক আদৰ্শ মানুহে বাৰম্বাৰ সলনি কৰিব নোৱাৰে। যদি ব্যক্তিগত স্বাৰ্থক লৈ ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দলত সোমাইছে তেন্তে ৰাজনৈতিক দল ত্যাগ কৰাটো ডাঙৰ কথা নহয়।

ইয়াৰ লগতে,সাংসদ গৌৰৱ গগৈয়ে আদৰ্শৰ ভিত্তিত ৰাজনীতিত যোগদান কৰিবলৈ যুৱ প্ৰজন্মক আহ্বান জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.