দিল্লী

শ্লিপিং টেবলেট খাই আত্মহত্যাৰ চেষ্টা ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্ৰসাদৰ

হতাশাত ভুগি আত্মহত্যাৰ পথ বাচি ল'লে 'বাবা কা ধাবা'ৰ মালিক কান্তা প্ৰসাদে

হতাশাত ভুগি আত্মহত্যাৰ পথ বাচি ল’লে ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্ৰসাদে। শ্লিপিং টেবলেট খাই বৃহস্পতিবাৰে নিশা আত্মহত্যাৰ চেষ্টা চলোৱা দিল্লীৰ মালৱিয়া নগৰস্থিত ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্ৰসাদ বৰ্তমান চফদৰজং হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।

কিন্তু কোন এই ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্ৰসাদ? আপোনালোক বহুতৰ বাবে চিনাকী আৰু বহুতৰে বাবে অচিনাকী এইজন লোক। বিগত বৰ্ষত ছচিয়েল মিডিয়াত বাৰুকৈয়ে ভাইৰেল হৈছিল ৮০ বছৰীয়া কান্তা প্ৰসাদৰ এটা আৱেগিক ভিডিঅ’। য’ত তেওঁ আৰ্থিক দুৰৱস্থাৰ কথা কৈ আৱেগিক হোৱা পৰিলক্ষিত হৈছিল। এই ভিডিঅ’টি ভাইৰেল হোৱাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ বহু দয়ালু লোকে ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্ৰসাদক এখন ৰেষ্টুৰেন্ট খুলিবৰ বাবে আৰ্থিকভাৱে সহায়-সহযোগ আগবঢ়াইছিল।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা ৰেষ্টুৰেন্টখন টকা-পইচাৰ নাটনিৰ বাবে তেওঁ বন্ধ কৰিবলগীয়া হৈছিল। যাৰবাবে বহুদিন ধৰি হতাশাত ভুগি আছিল কান্তা প্ৰসাদ।

তেওঁৰ পত্নীৰ ভাষ্য অনুসৰি ৰাইজে আগবঢ়োৱা বৰঙণিৰ সম্পূৰ্ণ টকা পোৱা নাছিল কান্তা প্ৰসাদে, যাৰবাবে যথেষ্ট অসুবিধাত পৰি ৰেষ্টুৰেন্ট বন্ধ কৰি পদপথৰ কাষলৈ অহাৰ সিদ্ধান্ত লৈছিল ‘বাবা কা ধাবা’ৰ মালিক কান্তা প্ৰসাদে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.