অসম

অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছিল।

মুখ্যমন্ত্ৰীৰ অনুৰোধক সঁহাৰি জনায় আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই তিনিদিন পূৰ্বে ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল৷

অৱশেষত শনিবাৰে মুকলি কৰি দিলে ৰিতুল শইকীয়াক ৷ শনিবাৰে পুৱা ৭ বজাত ভাৰত-ম্যানমাৰৰ মন জিলাৰ লংৱাত আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক। ৭.১০ বজাত ভাৰতত প্ৰৱেশ কৰে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া। ৰিতুল শইকীয়াই ম্যানমাৰৰ পৰা পদযাত্ৰা কৰি নাগালেণ্ডত উপস্থিত হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.