অসম

এজন ব্যতিক্ৰমী আদৰ্শবান আৰক্ষী বিষয়াৰ কাহিনী

এজন ব্যতিক্ৰমী আৰক্ষী বিষয়াৰ কাহিনী লিকাবালিৰ ২২ নং অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট মুছলেহউদ্দিন আহমেদে নিৰ্মান কৰি উলিয়ালে চালে চকুৰোৱা এটা নামঘৰ।

বৰ্তমান ৰাজ্যৰ চৌদিশ ৰনা মহামাৰীয়ে কোঙা কৰাৰ সময়তে লিকাবালিত থকা ২২ নং অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট মুছলেহউদ্দিন আহমেদ এজন আৰক্ষী বিষয়াৰ কীৰ্তিৰ কথা জানিলে আপোনাৰো শিৰ নত হৈ পৰিব।

এইজন আৰক্ষী বিষয়াই নিজৰ একক প্ৰচেষ্টাত কোনো চৰকাৰী ধন ব্যৱহাৰ নকৰাকৈ লিকাবালিত স্থাপন কৰিছে এক বৃহৎ নামঘৰ।। ইমান সুন্দৰকৈ এক পৰিৱেশ তৈয়াৰ কৰিছে যে যিকোনো লোক ইয়ালৈ গ’লে মন প্ৰাণ ভক্তি ভাবত গদগদ হৈ পৰিব

এটা সু-সাংস্কৃতিক মনৰ গৰাকী এইজন আৰক্ষী বিষয়াই কেৱল ইয়াকেই নহয় ১৯ নং অসম আৰক্ষী বেটেলিয়নত থাকোতে টেঙাখাটতো নিৰ্মান কৰি আহিছে অনুৰূপ এক নামঘৰ কেৱল সেয়াই নহয়, লিকাবালিৰ মুখ্য কাৰ্যালয়ৰ অতিথিশালাৰ কাষত নিৰ্মান কৰিছে মিচিংসকলৰ মুৰংঘৰৰ আৰ্হিৰে এক বাঁহ-টকৌপাতৰ এক মুৰংঘৰ

১৯৯৫ চনত অসম আৰক্ষীত যোগদান কৰা এইগৰাকী বিষয়াই কৰ্মৰ পাৰদৰ্শিতাৰ বাবে ইতিমধ্যে লাভ কৰিছে কেইবাটাও মেডেল শেহতীয়াকৈ যোৱা ১৫ আগষ্টত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰিছে ইণ্ডিয়ান পুলিচ মেৰিট’ৰিয়াচ চাৰ্ভিছ মেডেল নিঃসন্দেহে এইগৰাকী আৰক্ষী বিষয়া সকলোৰে বাবে এক আদৰ্শ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 10 =

Back to top button