
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, “অসমৰ ৰাইজৰ এটা বহুত ডাঙৰ দায়িত্ব আছে যে জুবিন গাৰ্গক আমি গানেৰে জীয়াই ৰাখিম নে আমি মদৰে জীয়াই ৰাখিম । এচাম উদণ্ড ল’ৰাই বা এচাম উদণ্ড ব্যক্তিয়ে জুবিন গাৰ্গক মদৰ জৰিয়তে জীয়াই ৰাখিব বিচাৰে । কিন্তু অসমৰ ৩ কোটি ৫০ লাখ মানুহে জুবিন গাৰ্গৰ সৃষ্টি, গান আৰু তেওঁৰ প্ৰতিভাৰ জৰিয়তে জীয়াই ৰাখিব খোজে । যিখিনি মানুহে এইখিনি কৰি আছে তেওঁলোকৰ সংখ্যা অতি কম । যিখিনি মানুহে মনে প্ৰাণে জুবিনক ভাল পায় তেওঁলোকে জুবিনক গানৰ মাজেৰে, নাহৰৰ মাজেৰে, সৃষ্টিৰ মাজেৰে জীয়াই ৰাখিব খোজে ।”
“জুবিন গাৰ্গক এচাম উদণ্ডই সুৰাৰ জৰিয়তে জীয়াই ৰাখিব বিচাৰে । জুবিনক সুৰা নহয়, সৃষ্টিৰ জৰিয়তে জীয়াই ৰাখিব লাগে। প্ৰকৃত অনুৰাগীয়ে জুবিন গাৰ্গক গানেৰে জীয়াই ৰাখিব খোজে ।” এই মন্তব্য অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সোণাপুৰৰ জুবিন ক্ষেত্ৰত জাৰি কৰা এছ অ’ পি আৰু নিশাৰ উদ্ভণ্ডালিক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।
মুখ্যমন্ত্রীয়ে লগতে কয়, “কিছুমান যুৱকে জুবিনৰ অন্য এটা পৰিচয় সমাজক দিব খোজে আৰু এচাম মানুহে এনেকৈ কৈছে যে আমাৰ জনজাতীয় লোকেও মদ খায় । কিন্তু জনজাতীয় লোকে মদ নাখাই, জনজাতীয় লোকে পৰম্পৰাগত পানীয় খায়, তাক মদ নুবুজায় । সাজ, ৰহিক মদ নুবুজায় । এইবিলাক কথা ক’ব নালাগে । কাৰণ মদ খাবলৈ দোকান খুলিবলৈ অনুমতি লাগে । সাজ, ৰহি খাবলৈ অনুমতি নালাগে । আপং খাবলৈ অনুমতি নালাগে । আমাৰ যিখিনি থলুৱা পানীয় আছে যাক আমি হেৰিটেজ ড্ৰিংক বুলি কওঁ । তাকো মদ বনাই দিছে । সেইটো মদ নহয় । জনজাতীয় লোকে ব্যৱহাৰ কৰাখিনি হাজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰে । হুইছকি, ৰাম ব্যৱহাৰ নকৰে নহয় । জনজাতীয় লোকৰ লাওপানী মদ নহয় । গতিকে জনজাতীয় লোকৰ নাম লৈ কোনোবাই হুইছকি মদ খাই নিশা ২-৩ বজাত যি ইচ্ছা তাকে কৰি থাকিব তাক সভ্য সমাজ এখনে কেতিয়াও মানি ল’ব নোৱাৰে । সেই কাৰণে মই সকলোকে অনুৰোধ কৰিম যে জুবিনক গানৰ মাজেৰে, নাহৰ ফুলৰ, সৃষ্টিৰ মাজেৰে জীয়াই ৰখাৰ আমাৰ যিটো প্ৰয়াস তাত আমি আগবাঢ়িব লাগে ।”
জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰাসকলক সকীয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, “জুবিনৰ সমাধিক্ষেত্রক লৈ এচামে যি উদ্ভণ্ডালি চলাব খোজে তাক কেতিয়াও মানি ল’ব পৰা নাযায় । আমি বিচাৰো যে জুবিনক ভালপোৱা মানুহখিনিয়ে চৰকাৰক সহযোগিতা কৰক । জুবিনক ভালপোৱা মানুহখিনিয়ে নিজেই সিদ্ধান্ত লওঁক যে আমি জুবিন ক্ষেত্রখনক এটা মন্দিৰলৈ, তীৰ্থস্থানলৈ ৰূপান্তৰ কৰিব খোজো । জুবিনক ভালপোৱা মানুহখিনিয়ে তেনেকুৱা সিদ্ধান্ত ল’লে চৰকাৰে কিবা এটা কৰিবৰ বাবে শক্তি পাব ।”

