অপৰাধঅসমবন্যপ্ৰাণী

জীৱশ্ৰেষ্ঠৰ বৰ্বৰতা, দুৰ্বৃত্তই ধাননি পথাৰত বিদ্যুৎ সংযোগ কৰি হত্যা কৰিলে এটা বনৰীয়া হাতী…

এটা গজৰাজৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীক। কোনে, কিয়, কি কাৰণত এনেদৰে ধাননিৰ মাজত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ সংযোগ কৰিছিল সেই কথা পোহৰলৈ অহা নাই যদিও সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড। দানৱৰূপী মানৱৰ বৰ্বৰতাৰ বলি এটি বনৰীয়া হাতী। অচিনাক্ত দুৰ্বৃত্তই ধাননি পথাৰত পূৰ্বৰে পৰা সংযোগ কৰি ৰখা বিদ্যুতৰ তাঁৰত লাগি নিহত এটি বন্যহস্তী। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ দৰংগিৰিৰ শান্তিপাৰাত।

কেৱল ইমানেই নহয়, অচিনাক্ত দুৰ্বৃত্তই হাতীটোক হত্যা কৰি কাটি লৈ গ’ল হাতীটোৰ শৰীৰৰ অংগ। শনিবাৰে পুৱাৰ ভাগত স্থানীয় লোকে প্ৰত্যক্ষ কৰে হাতীটো।

ঘটনাস্থলীত উপস্থিত হয় ৰংজুলি আঞ্চলিক বন বিভাগৰ দল। বন বিভাগৰ দল উপস্থিত হৈ মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছতে বনৰীয়া হাতীটো বৈদ্যুতিক তাঁৰ লগাই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে বন বিষয়াই।বন বিভাগৰ লোকে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত জেচিবিৰ সহায়ত গাঁত খান্দি পুতি পেলোৱা হয় হাতীটো।

দৰংগিৰিৰ এই ঘটনাই পুনৰবাৰ দেখুৱালে হাতী-মানুহৰ সংঘাতৰ আন এখন জীয়া ছবি। এই ঘটনাই কেৱল গোৱালপাৰাতেই নহয়, কঁপাই তুলিছে সমগ্ৰ ৰাজ্য। এটা গজৰাজৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীক। কোনে, কিয়, কি কাৰণত এনেদৰে ধাননিৰ মাজত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰ সংযোগ কৰিছিল সেই কথা পোহৰলৈ অহা নাই যদিও সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.