অসমদুৰ্ঘটনা

বিজয়া দশমীৰ দিনাই ডিব্ৰুগড়ত ভৰা লুইতত সন্ধানহীন ২২ বছৰীয়া যুৱক…

শুকুৰবাৰে যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলেও আজি পুৱাৰে পৰা পুনৰ উদ্ধাৰ কাৰ্য চলাইছে উদ্ধাৰকাৰী বাহিনীয়ে।

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে অঘটন। প্ৰতিমা বিসৰ্জন দিবলৈ গৈ ভৰা লুইতত সন্ধানহীন এজন ২২ বছৰীয়া যুৱকে।

এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ ধোবাপট্টিঘাটত বিজয়া দশমীৰ দিনা মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই অঘটন।

ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱকজন ধেমাজীৰ নিবাসী অংকুৰ ৰয় বুলি জানিব পৰা গৈছে। অংকুৰ ৰয় অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত আছিল।

আনহাতে, স্থানীয় লোকৰ ভাষ্য অনুসৰি, নদীৰ পাৰত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ কাপোৰ। NDRF বাহিনীৰ তথ্য অনুসৰি শুকুৰবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত গা ধুবলৈ যাওতে ব্ৰহ্মপুত্ৰ পানীত ডুব যায় অংকুৰ ৰয় নামৰ যুৱকজন।

শুকুৰবাৰে যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলেও আজি পুৱাৰে পৰা পুনৰ উদ্ধাৰ কাৰ্য চলাইছে উদ্ধাৰকাৰী বাহিনীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.