Socialদুৰ্ঘটনা

ৰায়পুৰ ৰেলৱে’ ষ্টেচনত বিস্ফোৰণ, বিস্ফোৰণৰ ফলত আহত ছয়জন CRPF জোৱান…

ৰায়পুৰ ৰেলৱে' ষ্টেচনত মুঠ ২৯টা ডিটোনেটৰ বিস্ফোৰণ হোৱাৰ ফলত এজন জোৱান গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে পাঁচজন জোৱান কম পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

চত্তীশগড়ৰ ৰায়পুৰত বোমা বিস্ফোৰণ। ৰায়পুৰত বোমা বিস্ফোৰণৰ ফলত আহত ছয়জন CRPF জোৱান। ৰায়পুৰ ৰেলৱে’ ষ্টেচনৰ প্লেটফৰ্ম নম্বৰ ২ত শনিবাৰে পুৱা সংঘটিত হয় এই অঘটন।

পুৱা ৬.৩০ বজাত Special CRPF Trainত ডিটোনেটৰ বাকচকেইটা এঠাইৰ পৰা সিঠাইলৈ লৈ যোৱাৰ সময়তে হাতৰ পৰা পিচল খাই পৰি যোৱাত বিস্ফোৰিত হয় ডিটোনেটৰকেইটা।

ৰায়পুৰ ৰেলৱে’ ষ্টেচনত মুঠ ২৯টা ডিটোনেটৰ বিস্ফোৰণ হোৱাৰ ফলত এজন জোৱান গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে পাঁচজন জোৱান কম পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত জোৱানকেইজনক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.