অসম

নতুন বছৰতে আলোচনাত মিলিত হ’ব নেকি আলফা আৰু অসম চৰকাৰ! এই প্ৰসংগত কি ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই!

পৰেশ বৰুৱাক আলোচনালৈ আহিবলৈ বুদ্ধিজীৱীক আহ্বানৰ অনুৰোধ হিমন্ত বিশ্ব শৰ্মাৰ

আলফাৰ সৈতে শান্তি আলোচনাত মিলিত হবলৈ প্ৰায়ে তৎপৰ হোৱা দেখা যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। প্ৰত্যেক বাৰৰ দৰে এইবাৰো নৱবৰ্ষৰ শুভক্ষণতে ৰাজ্যৰ বুদ্ধিজীৱী সমাজক পৰেশ বৰুৱাক আলোচনাৰ মেজত বহাবৰ বাবে সৈমান কৰোৱাৰ পদক্ষেপ লবলৈ আহ্বান জনাইছে। দেওবাৰে আলফা-চৰকাৰৰ বহু চৰ্চিত আলোচনা সন্দৰ্ভত মত প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়-পৰেশ বৰুৱাৰ লগত কথা পতা বা তেওঁৰ লগত যোগাযোগৰ মাধ্যম বিলাক মুকলি ৰখাটো সমস্যা নহয়। সময়ে সময়ে আমি যেতিয়াই বিচাৰো কথা পাতিব পাৰো। সমস্যাটো হল পৰেশ বৰুৱাই স্বাধীনতাৰ বাহিৰে অন্য কথা পাতিব নিবিচাৰে আৰু আমি স্বাধীনতাৰ কথা পাতিব নোৱাৰো। কাৰণ মই ভাৰতৰ অখণ্ডতা , সাৰ্বভৌমত্ব ৰক্ষাৰ শপত লৈছো। তেওঁ শপত লৈছে যে স্বাধীনতাৰ বাহিৰে অন্য কতা নাপাতে। সমাধানৰ বাবে কোনোবা এটা পক্ষ পিছুৱাই আহিব লাগিব। আমি পিছুৱাই আহিব নোৱাৰো কাৰণ দিনাখনে মোৰ শপত ভাঙিব আৰু তেতিয়া মই মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰিম। অসমৰ মানুহে নৌতিক প্ৰভাৱৰ জৰিয়তে অসমৰ সকলো বুদ্ধিজীৱীয়ে যদি পৰেশ বৰুৱাক আবেদন কৰে যে আপুনি স্বাধীনতা এৰি দিয়ক, স্বাধীনতা দিলেও আমাক নালাগে। সকলো ছাত্ৰ-সংগঠনে যদি কয় যে আমাক স্বাধীনতা নালাগে,তাতকৈ বেলেগ এটা আলোচনা কৰক, তেতিয়া নিশ্চয় পৰিস্থিতিৰ সলনি হব। এই ক্ষেত্ৰত মানুহৰ বহুত ডাঙৰ ভূমিকা আছে। কিন্তু ইয়াৰ পিছতো আমাৰ প্ৰচেষ্টাৰ কোনো অন্ত নাই। পথ বন্ধ হোৱা নাই। আলোচনাৰ দুৱাৰ খোলা আছে। তেওঁ অসমৰ ভাল বিচাৰে ময়ো ভাল বিচাৰো। তেওঁ নিৰীহলোকৰ হত্যা নিবিচাৰে, মইও নিবিচাৰো।আমাৰ মাজত মতানৈক্য থাকিলেও কিছু কিছু ক্ষেত্ৰত মিলো আছে।এনেকৈ আগুৱাই গৈ থাকো। কৰবাত কিবা এটা হব। আমি সদায় আশাবাদী।‘ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই লক্ষণীয় হব ২০২৩ত আলফা আৰু ৰাজ্য চৰকাৰৰ মাজত আলোচনা হব নেবুদ্ধিজীৱী সকলে মুখ্যমন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰিব নে পৰৱৰ্তী সময়ত এয়া লক্ষণীয় হব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 7 =

Back to top button