অপৰাধ

ঘৃণণীয়! প্ৰেমিকৰ সৈতে লগলাগি জন্মদাত্ৰী মাতৃক হত্যা কৰিলে ১৭বছৰীয়া কন্যাই

প্ৰথমে ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰে তাৰপিছত ছুৰীৰে আঘাত কৰি হত্যা কৰে মাতৃক

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। প্ৰেমিকৰ সৈতে লগলাগি নিজ জন্মদাত্ৰী মাতৃক হত্য়া কৰে ১৭বছৰীয়া কন্যাই। ঘটনা অনুসৰি, পূৰ্বে অপহৰণ কৰি ধৰ্ষণ কৰা প্ৰেমিকৰ সৈতে নিজ কন্যাৰ প্ৰেমৰ সম্পৰ্ক থকাটো বিছৰা নাছিল কিশোৰীগৰাকীৰ মাতৃয়ে। কন্যাৰ এই সম্পৰ্কত আপত্তি জনোৱাৰ পিছতে ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে প্ৰেমিকৰ সৈতে লগলাগি মাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

 

প্ৰথমে ছোৱালীজনী আৰু প্ৰেমিকজনে ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰে তাৰপিছত ছুৰীৰে আঘাত কৰি হত্যা কৰে মাতৃক। গোৱালিয়ৰৰ হাজিৰা আৰক্ষীয়ে ঘৰৰ মালিকৰ ফোন পোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ বিচনাৰ তলৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। খবৰ অনুসৰি গোটেই নিশা ছোৱালীজনী আৰু তাইৰ প্ৰেমিক মৃতদেহৰ সৈতে থাকে।

 

মৃত মহিলাগৰাকীৰ নাম মমতা কুশৱাহা। ভিন্দৰ বাসিন্দা মমতা কুশৱাহা নামৰ মহিলাগৰাকী তেওঁৰ ১৭ বছৰীয়া কন্যাৰ সৈতে ভাড়াঘৰত বাস কৰিছিল। মহিলাগৰাকীৰ কন্যাৰ সম্পৰ্কক লৈ আপত্তি আছিল, কাৰণ ছোৱালীজনীৰ প্ৰেমিকে ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰ ভিন্দত তাইক অপহৰণ কৰি ধৰ্ষণ কৰিছিল। বিগত মাহত জেলৰ পৰা মুকলি হৈ আহিছিল প্ৰেমিকজন।

 

জেলৰ পৰা ওলাই অহাৰ পিছতে তেওঁ নাবালক ছোৱালীজনীৰ সৈতে যোগাযোগ কৰে। কথা পাতিবলৈ ধৰিলে আৰু সম্পৰ্কত সোমাই পৰিল। অভিযোগ অনুসৰি, ছোৱালীজনীয়ে তেওঁৰ লগত থাকিব বিচাৰিছিল আৰু মাতৃয়ে সেই কথা অস্বীকাৰ কৰিছিল। এই কথাত ক্ষুব্ধ হৈ ছোৱালীজনীয়ে প্ৰেমিকৰ সহায়ত মাকক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰে। ইতিমধ্যে আৰক্ষীয়ে দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। জেৰাৰ সময়ত ছোৱালীজনীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button