অসমআঞ্চলিকদুৰ্ঘটনা

শোকাৱহ ঘটনা, পেৰাছেইলিংৰ পৰা পৰি যুৱকৰ মৃত্যু!

পেৰাছেইলিংৰ পৰা সৰি পৰাত ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ।

তিনিচুকীয়াত শোকাৱহ ঘটনা। পেৰাছেইলিংৰ পৰা পৰি এজন লোকৰ মৃত্যু।

এই ঘটনা গুজিয়ানৰ ডিব্ৰু নৈৰ সমীপৰ স্কাইলেণ্ড ৰিজ’ৰ্টত সংঘটিত হয়। খবৰ অনুসৰি, পেৰাছেইলিংৰ পৰা সৰি পৰাত ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ। মৃত্যু পংকজ গগৈৰ ঘৰ লখিমপুৰৰ নাওবৈছাত।

উল্লেখযোগ্য যে, অবৈধ পেৰাছেইলিংৰ অভিযোগ আছে স্কাইলেণ্ডৰ বিৰুদ্ধে, প্ৰশাসনে বন্ধ কৰাৰ পিছতো চলি আছে স্কাইলেণ্ড ৰিজ’ৰ্ট।

Skyland Resort

আনহাতে, পেৰাছেইলিংৰ পৰা মৃত্যু হোৱাৰ ঘটনা এয়া প্ৰথম নহয়। ১০ জানুৱাৰীত হিমাচল প্ৰদেশৰ বীৰ বিলিং পেৰাছেইলিং ছাইটত ঋষভ ত্ৰিপাঠী নামৰ এটি ১২ বছৰীয়া কিশোৰৰ মৃত্যু হৈছিল পেৰাছেইলিংৰ পৰা পৰি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.